ডিব্ৰুগড়ত শাখা সাহিত্য সভা আৰু উপাসনা কলাকেন্দ্ৰৰ যুটীয়া সহযোগত ‘ভাষা গৌৰৱ’ উদযাপন

ডিব্ৰুগড়ত শাখা সাহিত্য সভা আৰু উপাসনা কলাকেন্দ্ৰৰ যুটীয়া সহযোগত ‘ভাষা গৌৰৱ’ উদযাপন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সুৱদী-সুৰীয়া অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰাপ্তিত অসম চৰকাৰৰ আহ্বান মৰ্মে ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈকে ‘ভাষা গৌৰৱ’ শীৰ্ষক সপ্তাহজোৰা কাৰ্যসূচীৰে ডিব্ৰুগড়ৰ বাণীপুৰ শাখা সাহিত্য সভা আৰু উপাসনা কলাকেন্দ্ৰৰ যুটীয়া সহযোগত উপাসনা কলাকেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই অনুষ্ঠান। অন্তিম দিনৰ কাৰ্যসূচীৰ মুকলি সভাত অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া গুণকান্ত শইকীয়াই বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে৷ টেঙাখাত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যতীন্দ্ৰ নাথ গগৈৰ সভাপতিত্বত সুচাৰুৰূপে সভাখন পৰিচালিত হয়৷ বাণীপুৰ শাখা সাহিত্য সভাৰ সম্পাদক নীভা বৰুৱাই ‘ভাষা গৌৰৱ’ অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে৷ ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া ভাষাৰ শুদ্ধ উচ্চাৰণ, লিখন আৰু কথন কলাৰ মান্যতা বজাই ৰাখি চৰ্চা অব্যাহত ৰাখিবলৈ আহ্বান জনাই বক্তব্য প্ৰদান কৰে বাণীপুৰ শাখা সাহিত্য সভাৰ সভাপতি পদ্মা শইকীয়া খনিকৰে৷ সভাৰ সভাপতি যতীন্দ্ৰ নাথ গগৈয়ে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰাপ্তি সম্পৰ্কে এক সাৰুৱা বক্তব্য প্ৰদান কৰে৷ ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ এটি সুন্দৰ কবিতা আবৃত্তিৰে জিলা সাহিত্য সভাৰ সাংস্কৃতিক আহ্বায়িকা ঝৰ্ণা শইকীয়াই সভাখনিৰ গাম্ভীৰ্য বঢ়াই তোলে৷ জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক উৎপল সোনোৱালে উপস্থিত থাকি সভাখনিৰ সফল ৰূপায়ণক ভূয়সী প্ৰশংসা কৰে৷ ৰেডক্ৰছ ছ’চাইটিৰ সম্পাদক ড॰ পংকজ কুমাৰ শ্ৰুতিকৰ উপস্থিত থাকে৷পূবেৰুণ সংগীত একাডেমীৰ অধ্যক্ষ ৰুক্মিণী গোস্বামীৰ নেতৃত্বত শিল্পী সমাজৰদ্বাৰা বৰগীত পৰিৱেশন, নমিতা বৰুৱা, নীভা বৰুৱা আৰু অঞ্জলি সোনোৱালে সাহিত্যৰথীৰ ‘অসম সংগীত’ গীতি কবিতা সুৰেৰে সজাই পৰিৱেশন কৰে৷ ছাত্ৰ-ছাত্ৰী সকলৰ চিত্ৰাংকন, কবিতা পাঠ, শিশু শিল্পী প্ৰণীত প্ৰীতম গগৈৰ কবিতা আবৃত্তি, দেৱাষ্ণী ফুকনৰ সৃষ্টিশীল নৃত্যৰ লগতে উপাসনা কলাকেন্দ্ৰৰ শিল্পীৰ দ্বাৰা মাদল- বাদনৰ এক মনোজ্ঞ সাংস্কৃতিক অনুষ্ঠান সম্পন্ন হয়৷ সভাত বাণীপুৰ শাখা সাহিত্য সভাৰ আজীৱন সদস্য, বাণীপুৰ মহিলা সমিতিৰ সভাপতি, সম্পাদকসহ বিষয়ববীয়াসকল, পতঞ্জলি যোগপীঠৰ জিলা প্ৰভাৰী হিৰণ্য দত্ত, পূবেৰুণ একাডেমীৰ শিল্পী সমাজ, ভাষাপ্ৰেমী স্থানীয় ৰাইজৰ উপস্থিতিত অসমৰ মুখ্যমন্ত্ৰীৰ লগতে ভাৰতৰ প্ৰধান মন্ত্ৰীক অসমীয়া ভাষাক ধ্ৰুপদী মৰ্যাদা প্ৰদান কৰা বাবে কৃতজ্ঞতা প্ৰকাশ কৰি ধন্যবাদ জনায়৷ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইন্দ্ৰ গগৈ, বৰ্তমানৰ সভাপতি নোমল গগৈ, সম্পাদক বদন গগৈ, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কমিটিৰ সদস্য পৰমেশ্বৰ নলবৰীয়াকে প্ৰমুখ্য কৰি বিষয়ববীয়াসকলে ‘ভাষা গৌৰৱ’ অনুষ্ঠানটি অসমীয়া ভাষাৰ ইতিহাসত স্বৰ্ণ স্মাৰক হৈ ৰ’ব বুলি সহমত প্ৰকাশ কৰে৷ সভাৰ শেষত উপাসনা কলাকেন্দ্ৰৰ অধ্যক্ষ তৰুণ গগৈয়ে উপস্থিত সকলোলৈকে শলাগৰ শৰাই আগবঢ়ায়৷ জাতীয় সংগীত পৰিবেশনেৰে সভাৰ সামৰণি মৰা হয়৷