ডিব্ৰুগড়ত আছাৰ উদ্যোগত বীৰ শ্বহীদ বিৰছা মুণ্ডাৰ ১৪৯ সংখ্যক জন্ম জয়ন্তীৰ আয়োজন ১৫,১৬ নবেম্বৰত
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ( আছা ) ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত সমূহ আঞ্চলিক সমিত,স্থানীয় আদিবাসী সমাজ আৰু ৰাইজৰ সহযোগত আদিবাসী ঐতিহাসিক ও স্বাধীনতা সংগ্ৰামীনেতা ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ ১৪৯ তম জন্ম জয়ন্তী অহা ১৫ আৰু ১৬ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে চাবুৱা চুকপথাৰ প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী উপলক্ষে প্ৰথমদিনা কাৰ্যসূচী অনুসৰি আছা ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি গৌতম চাংগাইয়ে আছা পতাকা উত্তোলন কৰিব আৰু উদ্যাপন সমিতিৰ পতাকা উত্তোলন কৰিব সভাপতি আৰন ঝৰাই। সমান্তৰল ভাৱে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত আঞ্চলিক সমূহৰ পতাকা সমূহ উত্তোলন কৰিব আঞ্চলিক সমিতিৰ সভাপতি সকলে। আছা ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক ৰাজেশ লাৰকীনে শ্বহীদ তৰ্পণ কৰিব আৰু ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ প্ৰতিমূর্তিত পুষ্পাঞ্জলী অর্পণ কৰিব চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই আৰু ইয়াৰ পিছত চাবুৱা চুকপথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাজীৱ গোঁহাইয়ে বৃক্ষ ৰোপন কৰাৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক -মানসিক বিকাশৰ বাবে বিভিন্ন প্ৰতিযোগিতাৰ লগতে বটাঁ বিতৰণী সভা অনুষ্ঠিত হব আৰু প্ৰথম দিনাৰ কাৰ্যসূচী সমাপ্ত হৱ। দ্বিতীয় দিনা পুৱা ৮ বজাত সামুহিক চাফাই অভিযানৰে আৰম্ভ হব আৰু বাৰেৰহনীয়া সংস্কৃতিক শোভাযাত্ৰাৰ লগতে অন্যান্য সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হব। বিয়লি ৫ বজাত আছা, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি গৌতম চাংগাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হব। উক্ত সভাতে ঐতিহাসিক,স্বাধীনতা সংগ্ৰামী নেতা তথা ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ ১৪৯ তম জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সম্পাদক ৰাজু মুণ্ডাৰ সম্পাদনাত উদ্যাপন সমিতিৰ উদ্যোগত প্ৰকাশিত স্মৃতিগ্ৰন্থ উন্মোচন কৰা হব। আছাৰ জিলা সম্পাদক ৰাজেশ লাৰকীনে আদৰণী ভাষণ আগবঢ়াৱ। মুকলি সভাত নিদিষ্ট বক্তা আৰু মুখ্য অতিথি ৰূপে উপস্থিত থাকিব-সদৌ অসম আদিবাসী ছাত্ৰ সন্থা,কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগ আৰু অসম চৰকাৰৰ আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দুৰ্গা হাচদাই। বিশিষ্ট অতিথি ৰূপে সভাত অংশ গ্ৰহণ কৰিব ক্ৰমে- সদৌ অসম আদিবাসী ছাত্র সন্থাৰ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক নুৱাছ বাৰলাৰ , সদৌ অসম আদিবাসী ছাত্র সন্থা, কেন্দ্রীয় সমিতিৰ উপদেষ্টা প্ৰদীপ হেমৰম, বিশিষ্ট সমাজসেৱক, বলদেৱ তেলী, চৰাইদেউ, সদৌ অসম আদিবাসী ছাত্র সন্থা, কেন্দ্রীয় সমিতিৰ প্ৰাক্তন সভাপতি পিটাৰ মিঞ্জ, সদৌ অসম আদিবাসী ছাত্র সন্থা, কেন্দ্রীয় সমিতিৰ উপ-সভাপতি ৰেজান হ’ৰ, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন, কেন্দ্রীয় সমিতিৰ উপ-সভাপতি অজয় গগৈ, সদৌ অসম আদিবাসী ছাত্র সন্থা, কেন্দ্রীয় সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক ৰাজা কুজুৰ, সদৌ অসম আদিবাসী ছাত্র সন্থা, কেন্দ্রীয় সমিতিৰ উপ-সভাপতি দেবেন উৰাং, সদৌ অসম আদিবাসী ছাত্র সন্থা, কেন্দ্রীয় সমিতিৰ বিষয়ববীয়া ৰিছা মুণ্ডা , সদৌ অসম আদিবাসী ছাত্র সন্থা,কেন্দ্রীয় সমিতিৰ ক্ৰীড়া সম্পাদক বেনেডিক টপ্প, অসম মুণ্ডা মহাসভাৰ সাধাৰণ সম্পাদক ৰবি বাৰলা, আদিবাসী লহৰা সমাজৰ সভাপতি ৰাম কুমাৰ লহৰা, টাই আহোম যুৱ পৰিষদ, অসমৰ প্ৰচাৰ সম্পাদক ৰিণ্টু গগৈ, আট্ছা ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বিমল বাঘ, সদৌ চাওঁতাল ছাত্র-সন্থা, ডিব্রুগড় জিলা সমিতিৰ সভাপতি পুণেশ্বৰ হাচদা, সদৌ অসম নাগেছিয়া কিষাণ সমাজ, ডিব্রুগড় জিলা সমিতিৰ সভাপতি নুন কিষাণ লগতে অসম প্রদেশ কুডুঁখ (ওৰাওঁ) সংঘ, ডিব্ৰুগড় জিলা সংঘৰ সম্পাদক গুণীৰাম উৰাং সহ বহুকেইগৰাকী সন্মানীয় ব্যক্তি লগতে দল সংগঠনৰ বিষয়ববীয়া সকল উপস্থিত থাকিব। সন্ধিয়া আমন্ত্ৰিত কণ্ঠশিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানে কাৰ্যসূচী অন্তপৰিব। উক্ত অনুষ্ঠানৰ কাৰ্যসূচীত জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলো ৰাইজ তথা সংশ্লিষ্ট আঞ্চলিক শাখা বিষয়ববীয়া সকলৰ উপস্থিতি কামনা কৰিছে উদ্যাপন সমিতিৰ সভাপতি আৰানা ঝৰা আৰু মুখ্য সম্পাদক বাবুল কাশ্যপে।