মামৰে ধৰা মন
সুনম বিশ্বাস
গোৰেশ্বৰ, তামুলপুৰ
সময়বোৰৰ পৰিৱৰ্তন সঁচাই দ্ৰুত…
দুৰাৰোগ্যত ভুগা মনবোৰো যদি
ঠিক এনেকৈয়ে পৰিৱৰ্তন ঘটিলেহেঁতেন…!!
কিন্তু নহয় , পৃথিৱীৰ অসুখবোৰ যিমান দ্ৰুততৰ
তাৰ পৰা পৰিত্ৰাণ পোৱাৰ দৌৰ আকৌ কাছগতি..
এতিয়া জোনাকী পৰুৱাবোৰেও নিজস্বতা হেৰাইছে,
তাৰ পোহৰবোৰ পোহৰ হৈ থকা নাই,,
মানুহবোৰেও আপোনত্ব হেৰুৱাইছে
চিনাকী মুখবোৰ ক্রমান্বয়ে অচিনাকী হ’বলৈ ধৰিছে
গীতবোৰৰ সুৰবোৰো নিষ্প্ৰাণ হৈ পৰিছে,,
উচ্চাৰিত শব্দবোৰৰত ঘনিষ্ঠতা নোহোৱা হৈছে …
নিমখীয়া ধ্বনিয়ে কি বুজিব মধুপৰ্কৰ স্বাদ !!
সম্পৰ্কৰ বন্ধনবোৰ শিথিল হৈছে
দেখাত শামুকৰ খোলাটোৰ দৰে।
দুদিনৰ চিনাকীতে, আশা-সপোনৰ বীজ সিঁচা
সেই কঠিয়াডৰাত ফাট মেলিছে …ছিঁৰাল ফাট
কিন্তু সেই অৱস্থাতো বীজবোৰ অংকুৰিত হোৱাৰ
আশাতেই ৰৈ থাকে প্ৰতিনিয়ত
এজাক শিতল বৰষুণৰ অপেক্ষাৰে …।
মায়াজালটো মকৰায়ো গোঠেঁ প্রতিপলে ,অহৰ্নিশে
অক্লান্ত পৰিশ্ৰম সাৰ্থক কৰিবলৈ
কিন্তু পাৰে জানো সেই জালৰ স্থায়িত্ব যুগমীয়া কৰিবলৈ ??
নোৱাৰে , এজাক উদণ্ড ধুমুহাই উৰুৱাই নিয়ে ।
মমতাহীন দেশত অৱজ্ঞাৰ ঘাটত বহি আকৌ ৰচে
নৱ সপোন …সঁচাই ই এক ৰ্নিলজ্জ মকৰা!
পতিত পল্লৱৰ বেদনা বুজা দ্ব্যৰ্থহীন
এয়াই জীৱন,, জন্ম-মৃত্যুৰ পাকচক্ৰত
সম্পর্কবোৰ এপাহ ফুলৰ দৰে,
কলি হৈ থকালৈয়ে আশাবোৰ থাকে ৰঙীণ হোৱাৰ
কিন্তু সেই কলিটোৱে জানে এসময়ত
ফুলি- মৰহি যোৱাৰ বেদনা কিমান গভীৰ!
সেয়ে পাৰিলে মায়াৰ পৰা দূৰৈত থকা শ্ৰেয়
নাথাকে উপেক্ষাৰ অৱসাদগ্ৰস্ততা
নাথাকে অভিমানৰ কোনো ভিত্তি!
সেয়ে , মামৰে ধৰা সেই মনটোক স্থিৰ কৰি
ঠিক প্লুটো গ্ৰহটোৰ দৰে নিস্তব্ধতাৰে
নিজ কক্ষপথে ঘূৰি থাকিব লাগে নিৰন্তৰ গতিত
মানুহে তাৰ কি স্থান বা স্বীকৃতি দিছে
তালৈ ভ্ৰূক্ষেপ নকৰাকৈ…!!