কটা নহয় দীঘলীপুখুৰীৰ পাৰৰ ঐতিহ্যপূৰ্ণ গছ

কটা নহয় দীঘলীপুখুৰীৰ পাৰৰ ঐতিহ্যপূৰ্ণ গছ

ৰঙিলী বাৰ্ত্তাসেৱা- উৰণ সেতু নিৰ্মাণৰ বাবে কটা নহয় দীঘলীপুখুৰীৰ পাৰৰ ঐতিহ্যপূৰ্ণ গছ ৷ বামুণীমৈদাম-ৰিজার্ভ বেংক সংযোগী উৰণ সেতুৰ বাবে দীঘলীপুখুৰীপাৰৰ গছ কটাৰ বিতৰ্ক চলি থকাৰ সময়তে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই পুনৰবাৰ স্পষ্ট কৰি দিছে যে কোনো কাৰণতে দীঘলীপুখুৰীৰ ঐতিহ্যপূৰ্ণ গছ কটা নহয়। আনকি এই গছকেইজোপা আন ঠাইলৈ স্থানান্তৰ কৰাও নহয়। ইয়াৰ বিপৰীতে হ্রাস কৰা হ’ব উৰণ সেতুৰ দৈৰ্ঘ্য। যোৱাকালি নিশা প্রায় ১০ বজাত উৰণ সেতুৰ নির্মাণস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই ঘোষণা কৰে। লোকনির্মাণ বিভাগৰ উচ্চপদস্থ বিষয়া আৰু উৰণ সেতু নির্মাণত জড়িত ঠিকাদাৰৰ সৈতে সেতুখনৰ নির্মাণস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্টসকলৰ সৈতে এক আলোচনাত মিলিত হয়। এই আলোচনাৰ পাছতে মুখ্যমন্ত্ৰীয়ে উপস্থিত সাংবাদিকসকলক  কয় যে লোকনির্মাণ বিভাগে দীঘলীপুখুৰীপাৰৰ গছ কটাৰ কোনো পৰিকল্পনাই লোৱা নাই। কেৱল ডাঙৰ গছবোৰ দীঘলীপুখুৰীপাৰৰ পৰা ব্ৰহ্মপুত্ৰৰ কাষলৈ উন্নত প্রযুক্তিৰে শিপাৰ সৈতে স্থানান্তৰ কৰাৰ বাবেহে সিদ্ধান্ত লৈছিল। সেই সিদ্ধান্তৰ পৰিপ্ৰেক্ষিততে স্থানান্তৰ কৰিবলগীয়া গছবোৰ ৰঙা দাগ দি মার্কিং কৰা হৈছিল। আনকি প্রায় ১৫ দিন পূর্বে বাহিৰৰ প্ৰতিষ্ঠান এটাই আহি এই গছবোৰ চায়ো গৈছিল। কিন্তু শেহতীয়া গছ কটাৰ বিতৰ্কৰ বাবে এতিয়া এই স্থানান্তৰৰ সিদ্ধান্ত বাতিল কৰা হৈছে আৰু গছবোৰ নকটা সিদ্ধান্ত লৈ উৰণ সেতুখনৰ দৈৰ্ঘ্য কিছু হ্রাস কৰা হৈছে। সেই হিচাপে উৰণ সেতুৰ নক্সা সলনি কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে এতিয়া উৰণ সেতুখনৰ দুটা বাহু দুফালে হ’ব। এটা বাহু চানমাৰিৰ দিশৰ পৰা আহিলে ৰবীন্দ্ৰ ভৱন আৰু জিলা পুথিভঁৰালৰ মাজত শেষ হ’ব। আনহাতে নুনমাটিৰ দিশে যাবলগীয়া উৰণ সেতু আৰম্ভণি হ’ব লেম্ব ৰোডত। তেওঁ কয় যে নতুন নক্সা অনুসৰি সন্দিকৈ কলেজৰ দিশত নাথাকিব উৰণ সেতু।মুখ্যমন্ত্রীগৰাকীয়ে লগতে স্পষ্ট কৰি দিয়ে যে গুৱাহাটী ক্লাবত থকা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ প্রতিমূর্তিও পূৰ্বৰ স্থানতে থাকিব। তেওঁ প্রকাশ কৰে যে উৰণ সেতুখন যিহেতু ৰসৰাজৰ প্ৰতিমূৰ্তিৰ ওপৰেৰে যাব সেয়ে প্রতিমূৰ্তিটো স্থানান্তৰ কৰাৰ কোনো প্রশ্নই উঠিব নোৱাৰে।