ধলাই সমষ্টিত দুখনকৈ বিশাল জনসভাৰে ব্যাপক প্ৰচাৰ মুখ্যমন্ত্ৰীৰ
কংগ্রেছে এতিয়া শান্তিৰে জিৰণি লোৱাৰ সময়, আগন্তুক ৫০ বছৰলৈ দলটো শাসনলৈ নাহে: মুখ্যমন্ত্রী
বিকাশৰ কাম অকল বিজেপিয়েহে কৰিব পাৰে: মুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে সমাগত উপ-নির্বাচনত প্ৰচাৰ অভিযানত বিশেষ মাত্ৰা প্ৰদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বৰাক উপত্যকাৰ ধলাই সমষ্টিত দুখনকৈ বিশাল জনসভাৰে ব্যাপক প্ৰচাৰ চলায়। মুখ্যমন্ত্রীয়ে আজি প্রথমতে ধলাইৰ বিএনএমপি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত জনসভাখনত অংশগ্রহণ কৰে। জনাকীর্ণ এই সভাখনত ভাষণ প্রদান কৰি ড° শৰ্মাই ধলাই সমষ্টিত ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসৰ জয় নিশ্চিত বুলি মন্তব্য কৰে। তেওঁ কয় যে সমাগত উপ-নির্বাচনত নীহাৰ ৰঞ্জন দাস জয়ী হৈ সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা শিলচৰ সমষ্টিৰ বৰ্তমানৰ সাংসদ পৰিমল শুক্লবৈদ্যই ধলাইৰ উন্নয়নৰ বাবে ব্যাপক মনোনিৱেশ কৰিব। ইয়াৰ বিপৰীতে ধলাই সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ী হ’লে সমষ্টিটোৰ উন্নয়ন হ’বনে বুলি উপস্থিত জনসাধাৰণক প্রশ্ন কৰি মুখ্যমন্ত্ৰীয়ে ধলাই সমষ্টিৰ উন্নয়নৰ স্বাৰ্থতে ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক ব্যাপক ভোটদান কৰি জয়ী কৰিবলৈ আহ্বান জনায়। বিৰোধী দল কংগ্রেছক সমালোচনা কৰি তেওঁ কয় যে ভাৰতীয় জনতা পার্টিয়ে অৰুণোদয়ৰ দৰে জনহিতকৰ আঁচনি, দুখীয়া-দৰিদ্ৰ জনসাধাৰণৰ বাবে বিনামূলীয়া চাউল প্রদান তথা বিভিন্ন উন্নয়নমূলক কাম-কাজ দ্রুতগতিত ৰূপায়ণ কৰি আছে। ইয়াৰ বিপৰীতে শাসনত থকাৰ সময়ত কংগ্ৰেছ দলে এই ধৰণৰ জনকল্যাণমূলক আঁচনি তথা কাম-কাজ গ্রহণ কৰা নাছিল আৰু উন্নয়নমূলক কাম-কাজ ৰূপায়ণ কৰা নাছিল। বিৰোধী দল কংগ্ৰেছে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত পুনৰ পৰাজয়ৰ সন্মুখীন হ’ব বুলিও মন্তব্য কৰি তেওঁ কয় যে আগন্তুক ৫০ বছৰলৈ দলটো অসমত শাসনলৈ নাহে। মুখ্যমন্ত্রীয়ে কটাক্ষ কৰে যে কংগ্ৰেছে এতিয়া শান্তিৰে জিৰণি লোৱাৰ সময়। বিগত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সময়ত জনসাধাৰণৰ আধাৰ কাৰ্ডৰ সমস্যা সমাধানৰ বাবে দিয়া প্রতিশ্রুতিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে সেই প্রতিশ্রুতি চৰকাৰে ৰক্ষা কৰিবলৈ সক্ষম হৈছে। অকল আধাৰ কাৰ্ডৰ সমস্যাই নহয়, বিগত নিৰ্বাচনৰ সময়ত দিয়া সকলোবোৰ প্রতিশ্রুতি পূৰণৰ দিশত চৰকাৰে দায়বদ্ধতাৰে অগ্ৰসৰ হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যৰ কন্যা সন্তানসকলৰ উচ্চ শিক্ষা গ্রহণ সূচল হোৱাকৈ চৰকাৰে নিযুত মইনা আঁচনি ইতিমধ্যে আৰম্ভ কৰিছে। তেনেদৰে ৰেচন কার্ড থকা পৰিয়ালসমূহক অৰুণোদয় আঁচনিৰ সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। তেওঁ সদৰী কৰে যে অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰী নিৰ্বাচনৰ কাম আৰম্ভ হৈছে আৰু ধলাই সমষ্টিত ১৫ হাজাৰৰ পৰা ২০ হাজাৰ নতুন হিতাধিকাৰী আঁচনিখনত অন্তৰ্ভূক্ত হ’ব। তেনেদৰে আগন্তুক বৰ্ষৰ ফেব্ৰুৱাৰী মাহত আত্ম-সহায়ক গোটৰ মহিলা সদস্যসকলে ১০ হাজাৰ টকাকৈ লাভ কৰিব বুলিও তেওঁ কয়। ড° শর্মাই লগতে কয় যে তেওঁ পূর্বে প্রদান কৰা প্রতিশ্রুতি অনুসৰিয়েই নৰসিংপুৰত এখন নতুন স্নাতক মহাবিদ্যালয় নিৰ্মাণৰ কাম আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে আৰম্ভ কৰা হ’ব। তেনেদৰে ধলাই প্রাথমিক স্বাস্থ্য কেন্দ্রটো ১০০ খন বিচনাযুক্ত হাস্পতাললৈ উন্নীতকৰণ, শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা অসম বিশ্ববিদ্যালয়লৈ উন্নত পথ নির্মাণ, পালংঘাটত মিনি স্টেডিয়াম, আম্ৰাঘাটৰ ওপৰত নতুন দলং নিৰ্মাণ, দুৱাৰবন্দত ১০ খন বিচনাযুক্ত চিকিৎসালয় নির্মাণ, দীনেশ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নীতকৰণৰ দৰে কাম পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি আৰম্ভ কৰাৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ কয়। ধলাই সমষ্টিৰ বাট-পথৰ উন্নয়নৰ বাবে নতুনকৈ ৫০ কোটি টকা অনুমোদন দিয়া হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। বিৰোধী দল কংগ্ৰেছৰ হাতত সম্প্রতি কোনো ইচ্যু নাই বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দলটোৱে অসমৰ উন্নয়ন বাধাগ্রস্ত কৰিব বিচাৰে। তেওঁ লগতে কয় যে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনৰ কাৰ্যকালত ৰাজ্যৰ প্ৰায় ডেৰ লাখ যুৱক-যুৱতীক অতি স্বচ্ছতাৰে চাকৰি প্ৰদান কৰা হৈছে। সম্প্ৰতি ৰাজ্যত ৩৫ হাজাৰ চৰকাৰী চাকৰিত নিযুক্তি প্ৰদানৰ প্ৰক্ৰিয়া চলি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ কাৰ্যকালত বৰাক-ব্ৰহ্মপুত্ৰ উভয় উপত্যকাৰ সকলো স্থানতে উন্নয়নমূলক কাম-কাজ সম্পন্ন হৈ আছে আৰু সকলো শ্ৰেণীৰ জনসাধাৰণে চৰকাৰী আঁচনিৰ দ্বাৰা উপকৃত হ’বলৈ সমৰ্থ হৈছে। যোৱা ৩ অক্টোবৰত অসমীয়া আৰু বঙালী ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা এনে স্বীকৃতি উদ্যাপনৰ বাবে ভাষা গৌৰৱ সপ্তাহ ৰাজ্য চৰকাৰে পালন কৰিছে। ৰাজ্য চৰকাৰে অব্যাহত ৰখা উন্নয়নমূলক কাম-কাজৰ কথা উল্লেখ কৰি তেওঁ কয় যে পূর্বতে কাছাৰত এখন চিকিৎসা মহাবিদ্যালয় থকাৰ পৰিৱৰ্তে এতিয়া কৰিমগঞ্জতো চিকিৎসা মহাবিদ্যালয় নির্মাণৰ কাম আৰম্ভ হৈছে আৰু কম সময়ৰ ভিতৰতে হাইলাকান্দিতো চিকিৎসা মহাবিদ্যালয়ৰ কাম আৰম্ভ হ’ব। এনে বৃহৎ পদক্ষেপ গ্রহণ কৰাতো কংগ্ৰেছৰ বাবে সপোনৰো অগোচৰ বুলি তেওঁ কটাক্ষ কৰে। নতুন দিল্লী আৰু দিছপুৰত থকা বিজেপি নেতৃত্বাধীন উভয় চৰকাৰে জনসাধাৰণৰ কল্যাণৰ বাবে দিনে-নিশাই কৰ্মত ব্রতী হৈ আছে বুলিও তেওঁ কয়।
এই বিজয় সংকল্প সমাৱেশত পর্যটন আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, সাংসদ পৰিমল শুক্লবৈদ্য, সাংসদ কৃপানাথ মাল্লা, বিধায়ক কৌশিক ৰায়, বিধায়ক দীপায়ন চক্ৰৱৰ্তী, মিহিৰ কান্তি সোম, কৃষ্ণেন্দু পাল, প্রাক্তন সাংসদ ৰাজদীপ ৰয়, প্রাক্তন বিধায়ক বিমলেন্দু ৰয়ৰ লগতে ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসকে ধৰি কেইবাগৰাকীও শীর্ষ নেতা তথা দলীয় বিষয়ববীয়া উপস্থিত থাকে।
ইয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে পালংঘাটস্থিত চিচিজেচি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত দ্বিতীয়খন বিজয় সংকল্প সমাৱেশত অংশগ্রহণ কৰে। এই জনসভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পূৰ্বে প্ৰদান কৰা ঘোষণা অনুসৰিয়েই পালংঘাটত ২০ কোটি টকা ব্যয়েৰে এখন মিনি স্টেডিয়াম নিৰ্মাণৰ পদক্ষেপ ২০২৬ চনত বিধানসভা নিৰ্বাচনৰ আগেয়ে গ্ৰহণ কৰা হ’ব। যোৱা ৩ অক্টোবৰ তাৰিখে অসমীয়া আৰু বঙালী ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্রদান এক ঐতিহাসিক সিদ্ধান্ত বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে এনে স্বীকৃতিৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। ভাষণত আগন্তুক কমেও ৫০ বছৰলৈ ভাৰতীয় জনতা পার্টি শাসনাধিস্থ হৈ থাকিব বুলি দৃঢ় মত ব্যক্ত কৰি তেওঁ কয় যে বিভিন্ন উন্নয়ন আৰু জনকল্যাণকামী কাম-কাজৰ বাবেই জনসাধাৰণে দলটোক শাসনত বৰ্তাই ৰাখিব আৰু তেতিয়ালৈকে কংগ্ৰেছ দলৰ অস্তিত্বই নোহোৱা হৈ যাব। কিয়নো কংগ্রেছ দলে জনসাধাৰণৰ মাজত একতা বর্তি থকাতো নিবিচাৰে। মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ দলক অপপ্ৰচাৰ ৰাজনীতিৰ পৰিৱৰ্তে উন্নয়নমূলক কার্যসূচী লৈ প্রতিযোগিতাত অৱতীৰ্ণ হ’বলৈ আহ্বান জনায়। বর্তমান ৰাজ্য চৰকাৰখনে অৰুণোদয়, নিযুত মইনাৰ দৰে বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে যিসকল যুৱক-যুৱতীয়ে চৰকাৰী চাকৰিৰ পৰিৱৰ্তে নিজাববীয়াকৈ উদ্যোগ স্থাপন কৰি স্বাৱলম্বী হ’ব খোজে, তেওঁলোকৰ বাবেও চৰকাৰে এখন বিশেষ আঁচনি গ্রহণ কৰি ২ লাখ টকাকৈ প্ৰদানৰ পদক্ষেপ গ্রহণ কৰিছে। যিসকল লোকে এতিয়ালৈকে প্রধানমন্ত্রী আৱাস যোজনাৰ অধীনত ঘৰ লাভ কৰা নাই, তেওঁলোকক গৃহ প্রদানৰ বাবেও পদক্ষেপ গ্রহণ কৰা হ’ব বুলিও তেওঁ কয়। বিকাশৰ কাম অকল বিজেপিয়েহে কৰিব পাৰে বুলি তেওঁ ভাষণ প্রসংগত মন্তব্য কৰে। তেওঁ লগতে কয় যে বৰাক উপত্যকাত বর্তমানলৈকে মাত্র এখনহে চিকিৎসা মহাবিদ্যালয় আছিল। সম্প্রতি উপত্যকাটোৰ তিনিওখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন হোৱাৰ দিশত অগ্ৰসৰ হৈছে। অকল ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰেহে বৰাকৰ উন্নয়নৰ কথা চিন্তা কৰে আৰু সমগ্ৰ অঞ্চলটোৰ প্ৰতিটো সমষ্টিতে উন্নয়নমূলক কাম-কাজ দ্রুত গতিত চলি আছে বুলিও তেওঁ কয়।
এই বিজয় সংকল্প সমাৱেশত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসৰ উপৰি বিজেপি তথা অগপৰ কেইবাগৰাকীও শীর্ষ নেতা উপস্থিত থাকে।