ডিব্ৰুগড়ৰ জালান চাহ বাগিচাৰ আলুবাৰী লাইনৰ গেট বন্ধৰ বিৰুদ্ধে অসম চিকিৎসা মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসম চিকিৎসা মহাবিদ্যালয়ত গেট বন্ধক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।চিকিৎসা মহাবিদ্যালয়ৰ এলেকাত থকা জালান চাহ বাগিচাৰ আলুবাৰী লাইনৰ গেট বন্ধৰ বিৰুদ্ধে স্থানীয় ৰাইজে উত্তাল প্ৰতিবাদ কৰে। আজি( ৫ নবেম্বৰ) পুৱাই আলুবাৰী লাইনৰ প্ৰৱেশদ্বাৰৰ সন্মুখত অৱস্থান কৰি এ এম চি কৰ্তৃপক্ষৰ হঠকাৰী সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সৃষ্টি হয় প্ৰচণ্ড টনা-আজোৰা ফলত বহুকেইগৰাকী প্ৰতিবাদকাৰীৰ লগতে কেইবাগৰাকীও আৰক্ষী আঘাটপ্ৰাপ্ত হয়। অৱশেষত কেইবাগৰাকী প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে। ইয়াৰ পাছতে প্ৰৱেশদ্বাৰৰ অংশ জেচিপিৰে খান্দি যাতায়াত বন্ধ কৰি দিয়ে আৰক্ষী প্ৰশাসনে। ভূক্তভোগী সকলে অভিযোগ কৰি কয় যে এই বিষয়ত অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ ফালৰ পৰা আগতীয়াকৈ কোনো ধৰণৰ জাননী জাৰি কৰা নাছিল। ইয়াৰ উপৰিও বহু আন্দোলন কৰা পিছত জালান নগৰ চাহ বাগিচা আলুবাৰী লাইনৰ পৰা অসম চিকিৎসা মহাবিদ্যালয় সংযোগী মূল গেটখন ৰাইজৰ সুবিধার্থে খোলা হৈছিল। এই গেটখন মুকলি কৰোতে স্থানীয় ৰাইজে সেই সময়ত বহু ত্যাগ কৰিছিল আৰু ইয়াৰ লগত আশা আকাংক্ষা জড়িত হৈ আছিল বুলি ৰাইজৰ অভিযোগ। আজিৰ এই গেটখন দমনমূলকভাৱে বন্ধ কৰিবলৈ লোৱাত স্থানীয় ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আৰু এই কাৰ্যক গৰিহনা দিয়ে। এই ঘটনাৰ উচিত তদন্তৰ বাবে স্থানীয় ৰাইজে এখন সভা অনুষ্ঠিত কৰি কেইটিমান গুৰুত্বপূৰ্ণ সিদ্ধান্তু গ্ৰহণ কৰি এই পথৰ গেট নোখোলালৈকে অনিৰ্দিষ্ট কাললৈ ৰাইজে চাহ বাগিছা বন্ধ লগতে জিলা আয়ুক্ত কাৰ্যলয়ত প্ৰতিবাদী ৰ্ধনা কাৰ্যসূচী গ্ৰহণ কৰা বুলি সংবাদ মাধ্যমক অৱগত কৰিছে।