তোমালৈ অপেক্ষা
ইমৰান আনছাৰি
প্ৰথম ষান্মসিক,
বি. বৰুৱা মহাবিদ্যালয়
তোমাৰবাবে তোমাৰ আকাশেদি উৰা মাৰিম
তুমি যদি বিচৰা
সাগৰ, সমুদ্ৰ সকলো পাৰহৈ
তোমাৰ কাৰণে তোমাক বিচাৰি
তোমাৰ ওচৰলৈ আহিম ।
শকুন্তলা , তোমাক বিচাৰি
সৌ সিদিনা আহিছিলো মই বুকুলতলা
সেইদিনা বুকুল পাহেও খাটনি ধৰিছিল
নেৰা নেপেৰা প্ৰশ্ন সুধিছিল
বিষাদেৰে মনটো উপচি পৰিছিল ।
অৱশেষত সকলো আশাৰ অন্ত পৰিল
হতাশাই মনটোক চেপি ধৰিল
“শকুন্তলা কিয় নাহিল?”
মনত নানা প্রশ্ন জাগিল
যিয়েই নহওঁক; শকুন্তলা মোৰ
এই ভাৱনাই চিন্তা কৰিল দূৰ ।
শকুন্তলা , মই আকৌ আহিম
সন্ধিয়া পৰত, নদীৰ পাৰত
তোমাৰ বাবে ৰৈ থাকিম
ঈশ্বৰেও আচৰিত মানিব
তোমাক মই প্ৰেমেৰে জিনিম
ৰৈ থাকিম মই শকুন্তলা
মই ৰৈ থাকিম ।