তিনিটা স্তৱক
সত্যজিৎ গগৈ,
কলিয়াবৰ
*প্ৰেম*
তোমাৰ দুচকুত
নিৰিবিলি প্ৰেম
মোক শুকাবলৈ নিদিবা
পানী দিয়া
পানী দিয়া
মই তোমাক পালেই সুখী হওঁ..
*কথা*
কথাবোৰ নিজৰ হৈ থাকিবলৈ দিয়া
কথাবোৰ নিজৰ মতেই হ’বলৈ দিয়া
কথাবোৰ কথা হৈ থাকিবলৈ দিয়া
নহলে হেৰাই যাব পাৰে
সকলো কথা
তোমাৰ পৰা
মোৰ পৰা
অথবা আমাৰ পৰা॥
*বাট*
এই বাটেৰেই যাওঁ
এই বাটেৰেই আহোঁ
গছৰ সৈতে কথা পাতো
বিহঙ্গৰ সৈতে গান গাঁও
মিহি আৰু কোমল
তথাপিও উজুটি খাওঁ।