ধলাইৰ বিজেপিৰ প্ৰাৰ্থী বাংলাদেশী নেকি? অমিয়কান্তি দাসৰ অভিযোগ সম্পৰ্কে মুখ্যমন্ত্ৰীক স্পষ্ট কৰিবলৈ দাবী ভূপেন বৰাৰ

ধলাইৰ বিজেপিৰ প্ৰাৰ্থী বাংলাদেশী নেকি? অমিয়কান্তি দাসৰ অভিযোগ সম্পৰ্কে মুখ্যমন্ত্ৰীক স্পষ্ট কৰিবলৈ দাবী ভূপেন বৰাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বিজেপিয়ে ধলাই সমষ্টিত বাংলাদেশীক প্ৰাৰ্থিত্ব দিছে কিয়? এই কথা অসমৰ মুখ্যমন্ত্ৰীয়ে শীঘ্ৰেই অসমৰ ৰাইজৰ ওচৰত স্থিতি স্পষ্ট কৰক। ধলাই সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই এক বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয় যে বিজেপিয়ে অসমত এতিয়া বাংলাদেশী বহিৰাগত প্ৰাৰ্থিত্ব দিবলগীয়া হৈছে। বাংলাদেশীক খেদিবৰ বাবে অসমত ৬ বছৰকৈ আন্দোলন হৈছিল আৰু ৮৫৫জন লোক শ্বহীদ হৈছিল। অসম চুক্তিৰ পিছত শেহতীয়াকৈ উচ্চতম ন্যায়ালয়েও স্পষ্ট নিৰ্দেশনা দিছে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা লোকক বিদেশী গণ্য কৰা হ’ব আৰু ভিত্তি বছৰ নিৰ্দিষ্ট থকা চন-তাৰিখৰ পিছত অহা কোনো লোকক ভাৰতীয় নাগৰিকত্ব দিয়া নহ’ব। বিজেপিৰ জ্যেষ্ঠ নেতা অমিয়কান্তি দাস কাছাৰ জিলা বিজেপিৰ উপ-সভাপতি আৰু ধলাই সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী আছিল। এইজন নেতা মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ আৰু প্ৰায়ে টেলিফোনত বাৰ্তালাপ কৰি থাকে। এনে এজন বিজেপিত গুৰুত্বপূৰ্ণ পদবীত থকা লোকে অভিযোগ কৰিছে যে নিহাৰৰঞ্জন দাসক বাংলাদেশী বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছে। কি পৰিস্থিতিত অসম চুক্তিক পুনৰ ভৰিৰে মোহাৰি এজন বাংলাদেশী লোকক ধলাই সমষ্টিত বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে সেই কথআ অসমৰ ৰাইজক নজনোৱাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ধলাই সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব নোৱাৰে। নিৰাহৰ ৰঞ্জন দাসৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীক অসমৰ ৰাইজৰ আগত স্থিতি স্পষ্ট কৰিবলৈ আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আহ্বান জনাইছে।