পৰ্ণপাতী
ইমন বেজবৰুৱা
জোনাকী নগৰ
গোলাঘাট
গছবোৰ লঠঙা হৈছে ।
অত দিনে লুকাই থকা
ডালবোৰৰ একা বেকাবোৰ
ধৰা পৰিছে !
ফাগুনে লঠঙা কৰা ডালবোৰে
বহাগলৈ বাট চাই ৰয়?
সেউজী আবৰণ এটাৰে আকৌ
একাবেকাবোৰ ঢাকি ৰখাৰ প্ৰত্যাশাত।
আমিও চোন গছৰদৰেই
পৰ্ণপাতী
আবৰণত থকাৰ সাধনাই যেন জীৱন।
মাজে মাজে ধৰা দিয়ে আমাৰ লঠঙা মনবোৰে ।