ডিব্ৰুগড় ভিজন-২০৪৫ৰ চূড়ান্ত মাষ্টাৰ প্লেনৰ বৈঠকত সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ::
ডিব্ৰুগড়ত কৃত্রিম বানপানী ৰোধৰ বাবে সুপৰিকল্পিত ব্যৱস্থা গ্ৰহণৰ পোষকতা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ:;
ভৱিষ্যতৰ ডিব্ৰুগড়ৰ পৰিসৰ হ’বগৈ প্রায় ৩৯১ বর্গ কিলোমিটাৰঃ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে ডিব্রুগড়ত ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ (ডিডিএ) দ্বাৰা ডিব্ৰুগড়ৰ চূড়ান্ত মাষ্টাৰ প্লেন-ভিজন ২০৪৫ সন্দর্ভত আয়োজিত বৈঠকত অংশগ্ৰহণ কৰে। এই মাষ্টাৰ প্লেনত চহৰখনৰ দ্রুত বিকাশ আৰু প্ৰগতিৰ সমান্তৰালকৈ বিভিন্ন প্রত্যাহানৰ মোকাবিলাৰো পৰিকল্পনা কৰা হৈছে আৰু নাগৰিকৰ উন্নত জীৱন ধাৰণৰ মান নিশ্চিত কৰাৰ লগতে বহনক্ষম বিকাশ নিশ্চিত কৰাৰ বাবে অত্যাধুনিক সমাধানৰ বিষয় সামৰি লোৱা হৈছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে আধুনিক চহৰ এখন সজাবলৈ আমি সদায় নতুন নতুন ধ্যান-ধাৰণাৰে আগবাঢ়ি যাব লাগে। ডিব্ৰুগড় চহৰক একবিংশ শতিকাৰ উন্নত চহৰৰ শাৰীলৈ উন্নীত কৰিবলৈ আমাৰ বহুতো কৰণীয় আছে। ডিব্ৰুগড় এখন ঐতিহাসিক চহৰ। ইয়াৰ ইতিহাস ১৫০ বছৰৰো অধিক পুৰণি। ইয়াৰ এক দীঘলীয়া সামাজিক, অর্থনৈতিক, সাংস্কৃতিক ইতিহাস আছে। ক্রীড়া, সাংবাদিকতা, সাহিত্য-সংস্কৃতি, শিক্ষা, চিকিৎসা, যাতায়াত যোগাযোগৰ ক্ষেত্ৰত ডিব্ৰুগড়ৰ বিশেষ সুনাম আছে। সেয়ে চহৰখনৰ আন্তঃগাঁথনি সুদৃঢ় কৰাৰ লগতে বিভিন্ন সা-সমস্যা সমাধানত আমি বিশেষ গুৰুত্ব আৰোপ কৰি আহিছোঁ। চহৰখনক খহনীয়াৰ গ্ৰাসৰ পৰা সুৰক্ষিত কৰিবলৈ নিৰন্তৰ প্রচেষ্টা গ্রহণ কৰি অহা হৈছে। চহৰখনক আকৌ নতুন ৰূপত সজাই তুলিবলৈ আমি বদ্ধপৰিকৰ। এইক্ষেত্ৰত ডিব্ৰুগড় পৌৰ নিগমৰ যথেষ্ট দায়িত্ব আছে। পৌৰ নিগমে জনপ্রতিনিধি আৰু চুবুৰীয়া গাঁও পঞ্চায়তৰ লগত লগ লাগি কামবোৰ আগুৱাই নিব লাগিব। ইংৰাজৰ শাসনকালত চহৰখন বেপাৰ-বাণিজ্য, নদীপথ আদি বিভিন্ন দিশত যথেষ্ট আগবঢ়া আছিল। স্বাধীনোত্তৰ কালত পূৰ্বৰ চৰকাৰৰ সদিচ্ছা আৰু অৱহেলাৰ বাবে ডিব্ৰুগড়ৰ গৰিমা ম্লান পৰিছিল যদিও বিজেপি চৰকাৰৰ দিনত ডিব্ৰুগড়ন-ৰূপত উজ্জীৱিত হৈছে। নদীপথৰ পুনৰুজ্জীৱিতকৰণে ডিব্ৰুগড়ৰ মান অধিক বৃদ্ধি কৰিছে, ঔদ্যোগিকৰণ বৃদ্ধি হৈছে, যাতায়াত-যোগাযোগ উন্নত হৈছে আৰু সকলো দিশতে উন্নয়ন সম্ভৱ হৈছে। ডিব্ৰুগড়ৰ বিকাশৰ এই অনিৰুদ্ধ যাত্রাক ডিব্ৰুগড়ৰ চূড়ান্ত মাষ্টাৰ প্লেনৰ বৈঠকত সোণোৱালে কয় যে ডিব্ৰুগড়ক এক নতুন গতি দিয়া হব। ২০৪৫ চনৰ ভিতৰত ডিব্ৰুগড় চহৰখনক অত্যাধুনিক ৰূপ দিবলৈ ডিব্ৰুগড় মাষ্টাৰ প্লেনৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। এই আলোচনাত ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ বিষয়ববীয়াসকলৰ লগতে জনপ্রতিনিধি, পঞ্চায়ত প্রতিনিধি, পৌৰ নিগমৰ বিষয়ববীয়াসকল, খণ্ড উন্নয়ন বিষয়াসকলৰ সন্মিলিত উপস্থিতিত ডিব্ৰুগড় চহৰৰ ভৱিষ্যতৰ দিশবোৰৰ ক্ষেত্রত আলোকপাত কৰা হয়। বিশেষকৈ চহৰখনক কৃত্রিম বানপানীৰ সমস্যাৰ পৰা মুক্ত কৰিবলৈ বিশেষ জোৰ দিয়া হৈছে। চহৰৰ আৱদ্ধ পানীক সময়সীমাবদ্ধভাবে নিষ্কাষণ কৰিবলৈ প্রচেষ্টা হাতত লোৱা হৈছে। এখন প্রদূষণমুক্ত সেউজ ডিব্ৰুগড় গড়াতো বিশেষ গুৰুত্ব দিয়া হৈছে। চহৰৰ আৱৰ্জনাক বিজ্ঞানসন্মতভাৱে নিষ্কাষিত কৰি আৱৰ্জনাৰ পৰা সম্পদৰ ধাৰণাক বাস্তৱায়িত কৰাতো আমি গুৰুত্ব দিছোঁ। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত সমগ্ৰ ভাৰতবর্ষতে এই ধ্যান-ধাৰণাসমূহ ৰূপায়ণ কৰা হৈ আছে। ডিব্ৰুগড় চহৰৰ ভৱিষ্যতৰ পৰিসৰ প্ৰায় ৩৯১ বর্গ কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে। সেয়ে ডিব্ৰুগড়ক দেশৰ ভিতৰতে এখন আটকধুনীয়া চহৰ হিচাপে গঢ়ি তোলাৰ আমি দৃঢ় লক্ষ্য লৈছোঁ বুলি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়।এই অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক প্রশান্ত ফুকন, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা, ডিব্ৰুগড় উন্নয়ন প্রাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ চৈকত পাত্র, উপ-মেয়ৰ উজ্জ্বল ফুকন, জিলা আয়ুক্ত বিক্রম কৈৰী, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল প্ৰমুখ্যে উপস্থিত থাকে।