দীপাৱলীত গুৱাহাটীৰ বায়ু গুণাগুণৰ সূচাংক বৃদ্ধি
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীৰ লগতে সমগ্ৰ ৰাজ্যত দীপাৱলী উদযাপন কৰাৰ পাছতে অভাৱনীয় হাৰত বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্রা। ন্যায়ালয়ৰ নীতি-নির্দেশনাক উলংঘা কৰি পুৱতিনিশালৈকে ফট্কা ফুটোৱাৰ পৰিণতিতে বায়ুৰ মান সূচাংক (একিউআই) বৃদ্ধি পোৱাই নহয়, জনস্বাস্থ্যলৈও নমাই আনিলে ভাবুকি। উল্লেখ্য যে ৩১ অক্টোবৰ আৰু ১ নৱেম্বৰ এই দুটা দিনত ৰাজ্যবাসীয়ে আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰা দীপাৱলীৰ পাছতে প্রায় প্রতিখন চহৰতে বৃদ্ধি পাইছে প্রদূষণৰ মাত্ৰা। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তথ্য অনুসৰি ৩১ অক্টোবৰতকৈ ১ নৱেম্বৰত ৰাজ্যৰ বহুকেইখন চহৰত উচ্চ প্রাবল্যৰ ফট্কা আৰু আতচবাজী ফুটোৱাৰ পাছত নিম্নগামী হৈছে চৌদিশৰ পৰিৱেশ। প্ৰদূষণ নিয়ন্ত্ৰণৰ তথ্য অনুসৰি ১ নৱেম্বৰৰ দিনটোত বায়ুৰ মান সূচাংক ৮০ৰ পৰা ১০০ শতাংশলৈ বৃদ্ধি পায়। ৰাজ্যৰ মুখ্য তিনিখন চহৰ ক্ৰমে নগাঁও, গুৱাহাটী আৰু নলবাৰীত যোৱা দুটা দিনত একিউআই যথেষ্ট বৃদ্ধি পায়। নগাঁৱত দেৱালীৰ দ্বিতীয় দিনা একিউআই ২২৯লৈ বৃদ্ধি পোৱাৰ বিপৰীতে গুৱাহাটীত একিউআই ১৮৬লৈ আৰু নলবাৰীত ১৬৪লৈ বৃদ্ধি পায়। বিশেষকৈ গুৱাহাটী মহানগৰীত ফট্কা ফুটোৱাৰ ক্ষেত্ৰত জিলা প্রশাসনে আৰোপ কৰা নিষেধাজ্ঞাৰ পাছতো পুৱতিনিশালৈ উচ্চ প্রাবল্যৰ ফট্কা ফুটোৱাই নহয়, একাংশই চিকিৎসালয়, বিদ্যালয় আৰু আদালতৰ কাষতো ফট্কা ফুটাই সম্পূৰ্ণৰূপে উলংঘা কৰে নিৰ্দেশাৱলী। প্ৰশাসনৰ নীতি-নির্দেশনাক একপ্ৰকাৰ অংগুষ্ঠ প্ৰদৰ্শন কৰি গুৱাহাটীৰ ফাঁচীবজাৰ, পাণবজাৰ, ৰে’লৱে কলনী, অম্বিকাগিৰী নগৰত পুৱতিনিশালৈ ফুটিল প্রবল প্রাবল্যৰ ফট্কা। যাৰ পৰিণতিত ৰে’লৱে কলনীত একিউআই ১৮৯লৈ, অম্বিকাগিৰী নগৰত ১৩৭লৈ, পাণবজাৰত ১৩৪লৈ, গুৱাহাটী বিমানবন্দৰত ১৮৪লৈ বৃদ্ধি পায়। মন কৰিবলগীয়া যে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে বায়ুৰ মান সূচাংক ৫০ৰ পৰা ১০০ ভিতৰত থাকিলে স্বাভাৱিক বুলি উল্লেখ কৰিছে যদিও যোৱা দুটা দিনত যি হাৰত বায়ু প্ৰদূষিত হ’ল, ইয়ে জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই অনাই নহয়, হাপানী বা শ্বাস- প্রশ্বাসজনিত ৰোগত আক্রান্ত বহু লোকৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে। বায়ুৰ মান সূচাংক ১০০ৰ পৰা ১৫০লৈ বৃদ্ধি পালে শ্বাস-প্রশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ থকা লোকে উশাহ-নিশাহত কষ্ট পোৱাই নহয়, ইয়াৰ ফলত অজ্ঞান হৈ পৰাৰো সম্ভাৱনা আছে। সেইদৰে বায়ুৰ মান সূচাংক ১৫১ৰ পৰা ২০০লৈ বৃদ্ধি পালে ভয়ানক স্বাস্থ্য সংকটৰ সন্মুখীন হ’ব পাৰে। একেদৰে ২০০ৰ পৰা ৩০০লৈ বায়ুৰ মান সূচাংক বৃদ্ধি পালে জনস্বাস্থ্যৰ প্ৰতি ভয়ংকৰ ভাবুকি হোৱাৰ সম্ভাৱনা। এনে সতর্কবাণীৰ পাছতো যোৱা ১ নৱেম্বৰত গোলাঘাট, মাৰ্ঘেৰিটা, নগাঁও, নলবাৰী, তেজপুৰ, তিনিচুকীয়াত একিউআই ১০১ৰ পৰা ২০০ৰ ভিতৰত আছিল। প্ৰদূষণ নিয়ন্ত্ৰণৰ তথ্য অনুসৰি ১ নৱেম্বৰৰ নিশা ১১.০৩ বজালৈ গুৱাহাটীৰ বায়ুৰ মান সূচাংক ৩৮৩লৈ বৃদ্ধি পাইছিল। অৱশ্যে পৰৱৰ্তী সময়ত এই সূচাংক হ্রাস পায় যদিও জনস্বাস্থ্যক ক্ষতি কৰিব পৰা প্ৰদূষিত বায়ুৱে ২ নৱেম্বৰলৈ গুৱাহাটীক প্ৰদূষিত কৰি ৰাখে।