মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰূপে পোৱাটো অসমৰ বাবে ভাগ্যৰ কথাঃমহাৰাজ ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- দ্বিতীয়বাৰৰ বাবে মা কামাখ্যা ধামত বাগেশ্বৰ ধামৰ মহাৰাজ ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী। মা কামাখ্যাৰ আশিস ল’বলৈ মা কামাখ্যা ধামলৈ আহিল আধ্যাত্মিক গুৰুগৰাকী। দ্বিতীয়বাৰৰ বাবে কামাখ্যাধামত উপস্থিত হ’ল আধ্যাত্মিক গুৰু বাঘেশ্বৰ ধাম মহাৰাজ শ্রীধীৰেন্দ্ৰ শাস্ত্রী। সকলো হিন্দুক একলগ হোৱাৰ আহ্বান জনাই এইগৰাকী আধ্যাত্মিক গুৰুৱে অসমত পদযাত্ৰা কৰিবলৈ পুনৰ আহিব বুলিও মন্তব্য কৰে। মা কামাখ্যাৰ আশিস লৈ শ্রীধীৰেন্দ্ৰ শাস্ত্ৰীয়ে সনাতন ধৰ্মক ধ্বংস কৰিব খোজাসকলক সতর্কবাণী দিয়ে। আধ্যাত্মিক গুৰুগৰাকীৰ মন্তব্য- অসমত মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে। মুছলমান সম্প্রদায়ে নিয়ন্ত্রণহীনভাৱে সন্তান জন্ম দিয়ে। কিন্তু হিন্দুৱে দুটা সন্তানহে জন্ম দিয়ে। অসমত সনাতন ধৰ্মৰ প্ৰচাৰ চলাব বুলি উল্লেখ কৰি কয়- ‘“হিন্দুৰ দুটা সন্তানেই যথেষ্ট, এই ধাৰণাৰ বিপৰীতে মুছলমানে ১২টাকৈ সন্তান জন্ম দিছে। যাৰ বাবে তেওঁলোকৰ জনসংখ্যা বৃদ্ধি পাইছে, ভোটবেংক বৃদ্ধি পাইছে। আইন সকলোৰে বাবে সমান হ’ব লাগিব। হিন্দুক খ্ৰীষ্টান ধৰ্মত ধৰ্মান্তৰিত কৰাৰ ষড়যন্ত্ৰ চলিছে। অসমলৈ আকৌ আহিম,পদযাত্ৰা কৰি হিন্দুক একেলগ কৰিম।’’আনহাতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক উচ্চ প্রশংসা কৰি তেওঁ কয়-ড° হিমন্ত বিশ্ব শৰ্মা মোৰ ভাতৃ, এনেকুৱা এগৰাকী মুখ্যমন্ত্রী পোৱাটো অসমৰ বাবে সৌভাগ্যৰ কথা। অসমলৈ আহি মুখ্যমন্ত্ৰীৰ সৈতে পদযাত্ৰাৰে সনাতন ধৰ্মৰ প্ৰচাৰ চলাম।মা কামাখ্যা ধামত বাগেশ্বৰ ধামৰ মহাৰাজ ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীক সংগ দিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।