নাট্যক্ষেত্ৰৰ মহীৰুহ কুলদা কুমাৰ ভট্টাচাৰ্যৰ মহাপ্ৰয়াণত অসম জাতীয় পৰিষদৰ শোকপ্ৰকাশ
ৰঙিলী বাৰ্ত্তাসেৱা- বৰেণ্য শিল্পী, পৰিচালক, সংস্কৃতিৰ সাধক কুলদা কুমাৰ ভট্টাচাৰ্যৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদে। বিশিষ্ট নাট্যযোদ্ধাগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি যাচি দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ’‘অসমৰ অপেছাদাৰী নাট্যক্ষেত্ৰলৈ প্ৰভূত অৰিহণা আগবঢ়াই যোৱা বিশিষ্ট নাট্যকাৰ তথা অভিনেতাগৰাকীৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি৷ অসমৰ অভিনয় জগতখনত প্ৰাণস্পৰ্শী অভিনয়েৰে কেইবাটাও দশক দৰ্শকক আলোড়িত কৰি ৰখা কুলদা ভট্টাচাৰ্য আছিল মাটি আৰু মানুহৰ আৱেগৰে সংপৃক্ত এজন সঁচা মানুহ৷ আজি এইগৰাকী বৰেণ্য অসমীয়াৰ বিয়োগত অসমে এটি ৰত্ন হেৰুৱালে৷ অসমখনক আৰু অসমীয়া মানুহক মনেপ্ৰাণে ভালপোৱা এইগৰাকী মহীৰুহলৈ আমি শ্ৰদ্ধাঞ্জলি যাচিছোঁ৷’’