লিমাৰিক – উমা দেৱী

লিমাৰিক

উমা দেৱী, মৰিগাঁও

১)চাকৰি কৰি কিমাননো টকা ঘটিবা
মানুহক কথাৰে যে কিমান খাটিবা
সদায় যে নিব লুটি
নাযাবা আৰু উভতি
নিজৰ ঘৰৰ কামতে মন পুতিবা।

২) অহঙ্কাৰে কৰে তোমাৰ লক্ষ্য পতন
বুজি শুনি তুমি যে নকৰা অঘটন
সতত থাকিব জোৰ
অসত্যত কৰে ঘুৰ
বেয়া কাম ত্যাগ কৰি কৰা সমাপন।