লিমাৰিক – মালবিকা দেৱী

লিমাৰিক

মালবিকা দেৱী, শোণিতপুৰ

(১)
ধন ল’ৰাটো দেখাত একেবাৰে চিধা,
পঢ়া শুনাত সি বোলে একেবাৰে গাধা।
পঢ়াত নিদিয়ে মন,
গেম খেলাত হে মন।
গেম খেলি চাধা খায়হে সি হৈছে গাধা।

(২)
ধনৰ মাকৰ স্বভাৱ নহয় ভাল,
ঘৰে ঘৰে বহি কথা লগোৱাত ভাল।
ঘৰত নকৰে কাম,
ঘুৰি ফুৰা তাই কাম।
কথা লগাই ৰং চোৱাত তাই ভাল।