দীপাৱলীৰ প্রাকৃক্ষণত ৰাজ্যিক কৰ্মচাৰী-পেন্সনাৰসকলৰ বাবে সুখবৰ

দীপাৱলীৰ প্রাকৃক্ষণত ৰাজ্যিক কৰ্মচাৰী-পেন্সনাৰসকলৰ বাবে সুখবৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰী আৰু পেন্সনাৰসকলৰ বাবে মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণৰ পাছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনাৰসকলৰ মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধি কৰাৰ প্ৰস্তাৱত অনুমোদন জনায়। এই বৃদ্ধিৰ সৈতে ৰাজ্যিক কৰ্মচাৰী আৰু পেন্সনাৰসকলৰ মৰগীয়া বানচ চলিত বৰ্ষৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ ৫৩ শতাংশ হ’ব। কেবিনেট বৈঠকৰ অন্তত এক সংবাদ মেলযোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে। সংবাদ মেলখনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব  শর্মাই কয় যে অহা ১ ডিচেম্বৰত ৰাজ্যিক কৰ্মচাৰী আৰু পেন্সনাৰসকলে লাভ কৰিবলগীয়া নৱেম্বৰ মাহৰ দৰমহা/পেন্সনৰ সৈতে বর্ধিত ৩ শতাংশসহ মুঠ ৫৩ শতাংশ মৰগীয়া বানচ লাভ কৰিব। বাকী চাৰি মাহৰ বকেয়া অহা ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত চাৰিটা কিস্তিত ২৫ শতাংশকৈ আদায় দিয়া হ’ব। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনাৰসকলৰ মৰগীয়া বানচ বৃদ্ধিৰ বাবে চৰকাৰৰ বছৰি অতিৰিক্ত ৮০.৫০ কোটি টকা ব্যয় হ’ব। সংবাদ মেলখনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে দীপাৱলীৰ আগত ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে এয়া এক সুখবৰ। তদুপৰি চলিত অক্টোবৰ মাহৰ দৰমহা-পেন্সন কাইলৈৰ পৰা আদায় দিয়াৰ ব্যৱস্থা কৰা হৈছে। দীপাৱলীৰ পৰিপ্ৰেক্ষিতত এইবাৰ চৰকাৰী কৰ্মচাৰী আৰু পেন্সনাৰসকলে তিনি দিন পূর্বেই দৰমহা- পেন্সনৰ ধন লাভ কৰিব।