সৰ্বভাৰতীয় য়’নেক্স ছানৰাইজ অল ইণ্ডিয়া চাব জুনিয়ৰ ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্টৰ শুভাৰম্ভণিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ২৫ৰ পৰা ৩০ অক্টোবৰলৈ আয়োজিত য়’নেক্স ছানৰাইজ অল ইণ্ডিয়া চাব জুনিয়ৰ ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্টৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে। ১৩ বছৰ অনুৰ্ধৰ ল’ৰা আৰু ছোৱালী শাখাত অনুষ্ঠিত হৈ থকা এই প্ৰতিযোগিতাত সমগ্ৰ ভাৰতৰ বিভিন্ন খেলুৱৈ, বিষয়া আৰু প্ৰতিনিধিসকলে অংশ গ্ৰহণ কৰে। প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত এয়া সৰ্বভাৰতীয় ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্ট আয়োজন হোৱাটো অত্যন্ত আশা আৰু আনন্দৰ বতৰা বুলি সোণোৱালে উল্লেখ কৰে। সমগ্ৰ প্ৰতিযোগিতাৰ সৰ্বাংগীণ সফলতা আন্তৰিকতাৰে কামনা কৰি তেখেতে উদ্যোক্তাসকলৰ সবল ভূমিকাৰ শলাগ লয় আৰু খেলুৱৈসকলক আন্তৰিক শুভেচ্ছা জনায়। এই টুৰ্ণামেণ্টে ৰাজ্যখনত উন্নত মানৰ খেলুৱৈ সৃষ্টিত অৰিহণা যোগোৱাৰ লগতে ক্ৰীড়া আন্তঃগাঁথনিক শক্তিশালী কৰিব বুলিও সোণোৱালে মত পোষণ কৰে।কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয় যে ক্ৰীড়াই মানৱ সমাজক যুগে যুগে একতাৰ ডোলেৰে বান্ধি আহিছে। ক্ৰীড়াত আছে সেই মহৎ শক্তি, যিয়ে সমন্বয়ৰ উপৰি মানুহৰ শাৰীৰিক-মানসিক উৎকৰ্ষ সাধনতো সহায় কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত বিগত এটা দশকত অসমৰ লগতে সমগ্ৰ দেশৰে ক্ৰীড়া খণ্ডত আমূল পৰিৱৰ্তনৰ সূচনা হৈছে। অসমত বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টুৰ্ণামেণ্টৰ সফল আয়োজনে অসমক দেশৰ ক্ৰীড়া মানচিত্ৰৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে উজলাই তুলিছে। ক্ৰীড়া খণ্ডৰ সৰ্বাংগীণ উত্তৰণে এখন সুস্থ-সবল ভাৰত গঢ়াত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। বিগত এটা দশকত অসমৰ ক্ৰীড়াৰ পৰিৱেশৰ অভূতপূৰ্ব ৰূপান্তৰ সাধন হৈছে। এইখন অসমতে দীপাংকৰ ভট্টাচাৰ্যৰ দৰে প্ৰখ্যাত খেলুৱৈৰ সৃষ্টি হৈছিল, যিয়ে দুবাৰকৈ ভাৰতক অলিম্পিকত প্ৰতিনিধিত্ব কৰিছিল। অলিম্পিকত ভাৰতৰ পদকৰ সংখ্যা বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল টাৰ্গেট অলিম্পিক প’ডিয়াম শীৰ্ষক আঁচনিখনে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত দেশৰ ক্ৰীড়ামন্ত্ৰী হৈ থকাৰ কালছোৱাত গ্ৰহণ কৰা টাৰ্গেট অলিম্পিক প’ডিয়াম শীৰ্ষক আঁচনিখনে গুণগত প্ৰশিক্ষণ সামৰি উন্নত মানৰ খেলুৱৈ সৃষ্টিত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অসমত অস্মিতা চলিহাৰ দৰে বহু যুৱ বেডমিণ্টন খেলুৱৈৰ সৃষ্টি হৈছে, যিয়ে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ লগতে সমগ্ৰ দেশৰ সুনাম বৃদ্ধি কৰিছে। আমাৰ চৰকাৰৰ দিনত এনেধৰণৰ উন্নত ক্ৰীড়াৰ পৰিৱেশ গঢ় দিয়াৰ বাবে নিৰন্তৰ প্ৰচেষ্টা গ্ৰহণ কৰি থকা হৈছে। ডিব্ৰুগড়ত অনুষ্ঠিত য়’নেক্স-ছানৰাইজ অল ইণ্ডিয়া চাব-জুনিয়ৰ ৰেংকিং বেডমিণ্টন টুৰ্ণামেণ্টে ক্ৰীড়াৰ সৱলীকৰণৰ এই নিৰন্তৰ যাত্ৰাক এক নতুন গতি দিব বুলি আমি দৃঢ় বিশ্বাসী।’ এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে বিধায়ক তেৰছ গোৱালা, চক্ৰধৰ গগৈ, তৰংগ গগৈ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ চৈকত পাত্ৰ, উপ-মেয়ৰ উজ্জ্বল ফুকন প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল।