নর্থ-ইষ্টৰ হাতত ৫-০ গ’লত পৰাস্ত জামছেদপুৰ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল মেচখনত নর্থ-ইষ্টে জামছেদপুৰক ৫-০ গ’লত বিধ্বস্ত কৰি সম্পূৰ্ণ পইন্ট অর্জন কৰে। উল্লেখ্য যে গৃহ ষ্টেডিয়ামত নর্থ-ইষ্টৰ এয়া আছিল প্রথম জয়। দলৰ এই চমকপ্রদ জয়ৰ নায়ক হ’ল অসম সন্তান পার্থিৱ গগৈ আৰু মৰক্কোৰ তাৰকা আলাউদ্দিন আজাৰা। পাৰ্থিৱ আৰু আল্লাউদ্দিনে দুটাকৈ গ’ল স্ক’ৰ কৰে। দলটোৰ হৈ আনটো গ’ল স্ক’ৰ কৰে নিকছনে। খেলৰ ৫ মিনিটত আলাউদ্দিনে গ’ল স্ক’ৰ কৰি ঘৰুৱা দলটোক প্রথমটো সফলতা প্ৰদান কৰে। ইয়াৰ পিছতে পার্থিৱে ৪৪ আৰু ৫৫ মিনিটত দুটাকৈ গ’ল স্ক’ৰ কৰি নৰ্থ- ইষ্টক ৩-০ গ’লত গুৰুত্বপূৰ্ণ অগ্রগতি প্ৰদান কৰে। ৮২ মিনিটত নিকছনে গ’ল স্ক’ৰ কৰি গ’লৰ ব্যৱধান ৪-০লৈ বৃদ্ধি কৰাৰ পিছত ৯০ মিনিটত আলাউদ্দিনে ব্যক্তিগতভাৱে দ্বিতীয়টো গ’ল স্ক’ৰ কৰি নৰ্থ-ইষ্টক ৫-০ গ’লত জয়ৰ সোৱাদ দিয়ে। নর্থ-ইষ্টে ৩ নৱেম্বৰত গুৱাহাটীত ওড়িশা এফচিৰে খেলিব।