ক্ষমতা থাকিলেহে শান্তিৰ আগমন ঘটে
চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
শান্তি মানে হল,কোনো অসুবিধা নোহোৱাৰ বাবে সুখময় মানসিক বা শাৰীৰিক অৱস্থা। এতিয়া কথা হল এই সংসাৰত জীৱিত অবস্থাত থকা সকলোবোৰ প্ৰাণীৰ জীৱনত সুখময় মানসিক বা শাৰীৰিক অবস্থাৰ আগমন কেনেকৈ সম্ভৱপৰ হৈ ওঠে কেতিয়াবা চিন্তা-ভাৱনা কৰি চাইছেনে বাৰু ? অৰ্থাৎ অন্যান্য সকলোবোৰ প্ৰাণীৰ তুলনামূলকভাৱে আমি জীৱশ্ৰেষ্ঠ প্ৰায়বোৰ মানুহে প্ৰতিক্ষণে শান্তি বিচাৰি বিচাৰি হয়তো বহু হাবাথুৰি খাই থাকিব লগিয়া হয় নহয়নে ? কিন্তু আমাৰ এই জীৱনৰ প্ৰতিটো দিশ তন্ন তন্নকৈ চালি-জাৰি চালে গম পোৱা যায় যে, ক্ষমতা থাকিলেহে শান্তিৰ আগমন ঘটে। বিশ্বৰ ভিতৰতে বৰ্তমান সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ হয় এক বহু শক্তিশালী ৰাষ্ট্ৰ। এতিয়া কথা হল আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগত কোনো এখন ৰাষ্ট্ৰয়ে ভুলতেও বেয়াকৈ দৃষ্টি নিক্ষেপ কৰিব নোৱাৰে। ইয়াৰ একমাত্ৰ কাৰণ হল বিশ্বৰ সকলোবোৰ ৰাষ্ট্ৰয়ে একেবাৰে ভালকৈ গম পায় যে,আমেৰিকা যুক্তৰাষ্ট্ৰ মানে হল বহু ক্ষমতাশালী আৰু ক্ষমতা সম্পন্ন দেশ বুলি। সেয়েহে বৰ্তমান সময়ত বিভিন্ন বিভিন্ন ৰাষ্ট্ৰত বৰ গণ্ডগোলীয়া পৰিস্থিতিৰ মাজতো তুলনামূলকভাৱে আমেৰিকাত এতিয়াও বহু শান্তি বিৰাজমান হৈ আছে।আনহাতে আমি হয়তো কেতিয়াবা ৰাস্তাৰে গৈ থাকোঁতে কুকুৰ এটাই যদি ভৌ ভৌ কৰি দেখি আহে তেন্তে আমি সেই কুকুৰটোক তৎসনাতভাবে হাতত শিলগুটি বা লাঠি এডাল উঠাই সেই ঠাইৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হম নহয়নে? কিন্তু আমি যদি ৰাস্তাৰে গৈ থাকোঁতে বাঘ এটা আমাৰ সন্মুখত আহি ওলাই পৰে তেন্তে আমি গৈ থকা ৰাস্তাৰ পৰা পলায়ন কৰি নিজৰ বাবে এক নিৰাপত্তা প্ৰদান কৰোঁ। অৰ্থাৎ এঠাইত আমি নিজৰ ক্ষমতা প্ৰয়োগৰ জৰিয়তে শান্তি আয়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। দ্বিতীয়তে আমি আনৰ ক্ষমতা ওপৰত নিৰ্ভৰশীল হৈ শান্তি অৱলম্বন কৰিবলৈ বাধ্য হৈ পৰিছোঁ। গতিকে উপৰোক্ত আলোচনাৰ জৰিয়তে গম পোৱা গল যে,প্ৰকৃত অৰ্থত ক্ষমতা থাকিলেহে শান্তিৰ আগমন ঘটে। অন্যথা ক্ষমতাৰ অবিহনে শান্তি কেৱল স্বীকাৰ কৰি যাবলৈ বাধ্য হব লগিয়া হয়। বৰ্তমান সময়ত আমি প্ৰায়বোৰ মানুহে এই ক্ষেত্রত সমানে ভুক্তভুগি হৈ আছোঁ। আৰু আমাক হয়তো মনৰ সান্তনাৰ বাবে একেবাৰে বৰ মিচলিয়া শিক্ষা প্ৰদান কৰি অহা হৈছে যে, অহিংসাৰ পৰাহে শান্তিৰ আগমন ঘটে। কিন্তু যদি কেৱল অহিংসাৰ পৰাই শান্তিৰ আগমন ঘটিলে হয় তেন্তে আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামৰ বাবে লক্ষ্য লক্ষ্য মানুহে নিজ জীৱনৰ আহুতি কিয় দিবলগীয়া হৈছিল? গতিকে একান্ততে বহি গভীৰভাৱে বিশ্লেষণ কৰিলেই গম পাব যে,ক্ষমতা থাকিলেহে শান্তিৰ আগমন ঘটে ।