ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰো মৰগীয়া বানচ বৃদ্ধি হ’বঃ মুখ্যমন্ত্ৰী

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰো মৰগীয়া বানচ বৃদ্ধি হ’বঃ মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে সুখবৰ। অচিৰেই কেন্দ্ৰীয় চৰকাৰৰ দৰে অসম চৰকাৰৰ বিষয়া-কৰ্মচাৰীসকলৰো মৰগীয়া বানচ বৃদ্ধি হ’ব । সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই উল্লেখ কৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ কৰ্মচাৰীসকলৰ বাবে দীপাৱলীৰ প্ৰাক্ষণত ৩ শতাংশ মৰগীয়া বানচ বৃদ্ধিৰ ঘোষণা কৰিছে। ৰাজ্য চৰকাৰেও অনতিপলমে ৰাজ্যিক কৰ্মচাৰীসকলক মৰগীয়া বানচ বৃদ্ধি সম্পর্কত সিদ্ধান্ত ল’ব। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানচ বৃদ্ধিৰ লগে লগে ৰাজ্য চৰকাৰেও সমহাৰত মৰগীয়া বানচ বৃদ্ধি কৰি আহিছে। সেই সূত্রে ৰাজ্যিক কৰ্মচাৰীসকলৰো মৰগীয়া বানচ অচিৰেই তিনি শতাংশ বৃদ্ধি পাব। বৰ্তমান চৰকাৰী কৰ্মচাৰীসকলে ৫০ শতাংশ মৰগীয়া বানচ লাভ কৰি আহিছে। তিনি শতাংশ মৰগীয়া বানচ বৃদ্ধিৰ লগে লগে মৰগীয়া বানচৰ পৰিমাণ ৫৩ শতাংশলৈ বৃদ্ধি পাব।