শাৰদীয় বতৰত গুগল মিটত উন্মোচন হ’ল ই-আলোচনী ‘শৰৎ-সুষমা’

শাৰদীয় বতৰত গুগল মিটত উন্মোচন হ’ল ই-আলোচনী ‘শৰৎ-সুষমা’

বোকাখাত,ৰঙিলী বাৰ্ত্তাসেৱা- শৰতৰ সমৃদ্ধ সময়ত সু লেখিকা কবি -সাংবাদিক মৃদুস্মিতা শৰ্মাৰ একক প্ৰচেষ্টাত ৮ অক্টোবৰ সন্ধিয়া ৭ বজাত গুগল মিটত উন্মোচন হ’ল ই- আলোচনী “শৰৎ সুষমা”। অসমৰ বিভিন্ন প্ৰান্তৰ ৮২ জন লেখকৰ গল্প,কবিতা আৰু প্ৰৱন্ধৰ সমাহাৰ “শৰৎ সুষমা “। অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৩৫ গৰাকী কবি, গল্পকাৰ তথা সাহিত্যিকে গুগল মিটত অংশগ্ৰহণ কৰে। ই আলোচনী “শৰৎ সুষমা ” উন্মোচন কৰে বিশিষ্ট সাংবাদিক,লেখক তথা পৰিবেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে।। সুদক্ষ কম্পিউটাৰ অভিযন্তা ত্ৰিদ্বীপ বৰুৱাই খুব কম সময়তে “শৰৎ সুষমা “আলোচনীখন সৰ্বাংগ সুন্দৰ ভাৱে সজাই পাঠকৰ হাতত তুলি দিয়াৰ বাবে তেখেতলৈ গুগল মিটত উপস্থিত থকা ব্যক্তিসকলে ধন্যবাদ জ্ঞাপন কৰে। ” শৰৎ সুষমা” ই-আলোচনী উন্মোচনী অনুষ্ঠানৰ আঁত ধৰে সু লেখিকা কবি নিৰ্মিতা বৰগোহাঁয়ে । বেটুপাতৰ শিল্পী শুভাশ্ৰী বৰঠাকুৰ (অৰ্ঘা) ৷ উত্তৰ লখিমপুৰৰ কবি -গল্পকাৰ পংকজ সভাপণ্ডিতে গুগল মিটত উপস্থিত থাকি সহযোগিতা আগবঢ়োৱা , সাহিত্যনুৰাগী ব্যক্তিলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। শেষত মৃদুস্মিতা শৰ্মাৰ এই প্ৰচেষ্টাক সকলোৱে একেমুখে প্ৰশংসা কৰে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত থকা কবি -সাহিত্যিক সকল হ’ল : পংকজ সভাপণ্ডিত, নিৰ্মিতা বৰগোহাঁই,.,মিনতি দলে ,অংকুৰিতা ফুকন,গাৰ্গী ভূঞা,মনালিছা শইকীয়া ,চুমি বৰদলৈ ভৰালী , মনালিছা পপী শইকীয়া ,ৰীতা কোঁৱৰ ,ববিতা দেৱী ,উজ্জ্বল স্মৰণ দত্ত , ভৱেন চন্দ্ৰ নাথ ,আঞ্জুম আৰা হোছেইন ,কল্পনা দেৱী ,পল্লবী কৌশিক বৰুৱা ,মিনুডেকা ,শিল্পীৰেখা চেতিয়া গগৈ ,দীপ হেষ্টিংছ বৰি ,অলকা মহন্ত ইত্যাদি….