মিৰ্জা আঞ্চলিক ৰাস মহোৎসৱৰ লাইখুটা স্থাপন বিধায়ক হেমাংগ ঠাকুৰীয়াৰ

মিৰ্জা আঞ্চলিক ৰাস মহোৎসৱৰ লাইখুটা স্থাপন বিধায়ক হেমাংগ ঠাকুৰীয়াৰ

দক্ষিণ কামৰূপ,ৰঙিলী বাৰ্ত্তাসেৱা-  অইন বাৰৰ দৰে এইবেলিও পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত মিৰ্জাত অহা ১৫ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ এক বৰ্ণাঢ্য কাৰ্যসূচীৰে এঘাৰদিনীয়াকৈ মিৰ্জা আঞ্চলিক ৰাস মহোৎসৱখনি অনুষ্ঠিত কৰা হ’ব। এই উপলক্ষে আজি এই ৰাস মহোৎসৱৰ লাইখুটা স্থাপন কৰে মিৰ্জা আঞ্চলিক ৰাসক্ৰীড়া উৎসৱ উদযাপন সমিতিৰ এইবেলিৰ সভাপতি তথা বিধায়ক হেমাংগ ঠাকুৰীয়াই। এক মাংগলিক কাৰ্যসূচীৰে আজি লাইখুটা স্থাপন কৰি তেওঁ মিৰ্জা আঞ্চলিক ৰাস মহোৎসৱৰ সফল ৰূপায়ণ হোৱাৰ কামনা কৰে। আজিৰ এই লাইখুটা স্থাপন কাৰ্যসূচীত লগতে কাৰ্যকৰী সভাপতিদ্বয় ৰাহুল দাস পবিত্ৰ কলিতা,সাধাৰণ সম্পাদক ৰাজীৱ ভৰালী,মিৰ্জা আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ সভাপতি হেমেন চন্দ্ৰ দাস,সম্পাদক দিগন্ত দাস, মিৰ্জা দুৰ্গা পুজা সমিতিৰ সভাপতি ভূপেন কলিতা, সম্পাদক ৰত্ন কান্ত শৰ্মা, মিৰ্জা সুৱেৰী উৎসৱ সমিতিৰ সভাপতি নীৰেন মালীকে বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখ যে, এই ৰাস উপলক্ষে এখনি স্মৃতিগ্ৰন্থ প্ৰকাশ কৰাৰ কৰাৰ দিহা কৰা হৈছে। লগতে এই ৰাসৰ সাহায্যাৰ্থে উপহাৰ কুপন খেল অনুষ্ঠিত কৰাৰো সিদ্ধান্ত হৈছিল যদিও মহামান্য আদালতৰ নিষেধাজ্ঞাৰ প্ৰতি লক্ষ্য ৰাখি এই উপহাৰ কুপন খেল বাতিল কৰা হয় বুলি জনায় সাধাৰণ সম্পাদক ৰাজীৱ ভৰালীয়ে। ইতিমধ্যেই এই ৰাস উৎসৱটি উদযাপন কৰিবলৈ সমিতিয়ে ব্যাপক প্ৰস্তুতি হাতত লৈছে।