পোষণ অভিযান – ইভা গন্ধীয়া ফুকন 

পোষণ অভিযান 
ইভা গন্ধীয়া ফুকন 
“ৰাষ্ট্ৰীয় পোষণ মাহ” ছেপ্তেম্বৰ মাহ
তৃণমূল পৰ্যায়ত সজাগতাৰ সেতু
পালন কৰা হয় মাহজোৰা কাৰ্যসূচী
উলহ -মালহে আয়োজন পোষণৰ সজাগতা সভা
পুষ্টিহীনতা দূৰ কৰা
সবল নাৰী, স্বাক্ষৰ শিশু,সুস্থ ভাৰত ইয়াৰ মূল লক্ষ্য
“পোষণ ভি পঢ়াই ভি ” দুহেজাৰ চৌবিশৰ বাণী
আৰু পৰিপূৰক আহাৰ
গীত,নাট,প্লে -কাৰ্ড আদিৰে
ৰাইজক সজাগ কৰা
থলুৱা শাক- পাচলি, ফল- মূলেৰে
স্বাস্থ্যৰ পৰিপুষ্টি সাধন কৰা
কচুশাক, ঢেকীয়াশাক , মানিমুনি , ভেদাইলতা আদি
খাব লাগে ঔষধি গুণ থকা বুলি
আইৰণ ভিটামিন যুক্ত খাদ্য বিচাৰি
নালাগে যাব দূৰলৈ
আমলখি, মধুৰীআম, অমৰা, পনীয়ল , লেটেকু বাৰীতে ৰুব লাগে
খাদ্যৰ তালিকাত থাকিব লাগে মাছ মাংস কণী আদি
 সুষম আহাৰতে থাকে সুস্বাস্থ্যৰ চাবি-কাঠি
আইৰণ ফলিক এচিডৰ বড়ী সেৱন
সময়মতে স্বাস্থ্য পৰীক্ষা আদিৰে
গৰ্ভৱতী, প্ৰসুতি মাতৃ সকলৰ যতন ল’ব লাগে ভাল কৰি
এনিমীয়া, পুষ্টিহীনতা নিৰ্মূল কৰি
স্বাস্থ্যৱান শিশুৰে দেশৰ ভৱিষ্যত হওক উজ্জ্বল
বিশুদ্ধ খোৱাপানী, অনাময় আঁচনি,
সেউজ ধৰণী গঢ়াৰ সংকল্পৰে গছপুলি ৰোপণ কৰি প্ৰদূষণৰ পৰা
বচাও ধৰণী নতুন প্ৰজন্মৰ কথা চিন্তা কৰি
পৰিষ্কাৰ পৰিচ্ছনতা, হাত ধোৱা প্ৰণালী মানি
জনসাধাৰণৰ কাষত থাকি সজাগতা আনি
বিগত ছয় বছৰে চলি অহা
পোষণ অভিযান সফল কৰি
সবে মিলি বান্ধো প্ৰগতিৰ সেন্দুৰীয়া আলি।