আহিনৰ অনুভৱৰ
শৰতৰ সম্পদ কঁহুৱা
নমিতা দাস
শুৱালকুছি শান্তিতোল
আহিন মানেই শৰত,। শৰতৰ আৰম্ভনীয়ে যেন কঁহুৱা। শৰৎ মানেই সুৱাস মন-প্ৰাণ উৎফুল্লিত হৈ পৰা ঋতু ।ছয়টা ঋতুৰ ভিতৰত বসন্ত আৰু শৰতকে প্ৰসস্ত বুলি ধৰা হয়। বৰ্ষাৰ বৰষুণে সকলো মলিনতা আঁতৰাই নিয়াৰ পাছতেই আহিনৰ আগমনে হেঁপাহৰ পথাৰখন সেউজ কৰি তোলে। নিয়ৰৰ কণিকা বোৰ দুবৰীৰ সৈতে দলিচা পাৰি মিতিৰালী কৰি সুজলা-সুফলা অসমী আইৰ কৃষকৰ মুখত হাঁহি বিৰিঙাই আহিনৰ প্ৰতিটো প্ৰভাতে ।
ভাদমাহৰ সংক্ৰান্তিৰ পিছতে আহিন মাহৰ আগমনে চহা খেতিয়কৰ ৰদ্ৰোজ্জল দিনৰ তাপমাত্ৰা কমোৱাত নিয়ৰ সিক্ত পথাৰ খনো সেউজ কৰি তোলে । সেউজ পথাৰৰ মোহনীয়তাই কবি, গীতিকাৰ ৰ মনত ৰং বোৱাই জ্যেতিপ্ৰসাদ আগৰৱালা দেৱে লিখিছিল—–
সেউজী সেউজী সেউজী অ’–
সেউজী ধৰনী ধুনীয়া সোনোৱালী শৈচৰ পথাৰ কোলাত শোভে
ৰদালীৰে ফুল ফল সেন্দুৰীয়া”।
আহিনৰ আগমনৰ লগে লগে যেনেকৈ শেৱালীৰ আগমন ঘটে ঠিক সেইদৰে কহুৱা জোপাৰ আগমনো শৰৎ কালতেই হয় আহিন আৰু শেৱালী ,শেৱালী আৰু কহুৱা দুয়ো যেন অভিন্ন ।আহিনৰ কথা মনলৈ আহিলেই মন-প্ৰাণ হৰি নিয়া কহুৱা জোপাই মৃদু ,মৃদু বতাহ জাকত আপোন পাহৰা হৈ উলাহতে নাচি বাটৰুৱাৰ মনত পুলক জগোৱা দৃশ্য ই চকু ঠৰ হৈ ৰয়। দুৱৰীৰ ওপৰত শুভ্ৰ কহুৱা জোপাই নিয়ৰৰ মুকুতাৰ সৈতে খেলি দেহ-মন পুলকিত কৰে । এই শৰৎ ততে ৰূপহী কহুৱা বনে হালি-জালি মন হৰি নি দেবী মা দুৰ্গাৰ আগমনৰ বতৰা দিয়ে ।সেয়ে সুধাকণ্ঠ হাজৰিকা দেৱে লিখিছিল–
কহুৱা বন অসান্ত মন
আলফুল হাতেৰে লোৱা সাবতি
এটি এটি ক্ষণ মুকুটাৰে ধন
এনেয়ে হেৰুৱালে নাহে উভতি
কহুৱাৰ আগমনে চৌদিশে আৰম্ভ হয় উৎসৱ মুখৰ পৰিবেশ। ধৰালৈ আগমন ঘটে মা দূৰ্গাদেবীৰ।আৰম্ভ হয় দূৰ্গা উৎসৱ । প্ৰাণ দায়িনী,শক্তি দায়িনী, মমতাৰ স্বৰূপ দেবীয়ে শৰত কালৰ শস্যৰে ভৰপুৰ কৰি সেই শস্যইৰেই আমাৰ প্ৰাণ ৰক্ষা কৰে ।সকলো ব্যধি ,অপাই অমঙ্গল ন্যসি আসুৰিক শক্তিৰ বিপৰীতে ঠিয় হয় মা দুৰ্গা।
গৃষ্ম ,বৰ্ষা ঋতুৰ পিছতেই শীতৰ আৰম্ভনী সেয়ে এই সময় খিনিত গৰম বা ঠাণ্ডা বেছি প্ৰকোপ নপৰে এই শৰৎ কালতেই নৈৰ দাতি কাষৰীয়া অঞ্চল সমূহ ভৰি পৰে । কহুৱা বনেৰে নৈ পৰীয়া বাসিয়ে বাৰুকৈয়ে এই সন্দৰ্য্য উপভোগ কৰিবলৈ সুবিধা পায। শৰতৰ আগমনে প্ৰকৃতিৰ বুকুত ন-ৰহন সানে । শেষ কৰিম বুলিও যেন শেষ নহয় আহিনৰ শেৱালী আৰু কহুৱা বনৰ বৰ্ণনা । তিনিও যেন তিনিওৰে পৰি পুৰক।প্ৰকৃতিয়ে ৰহন সনাৰ ধৰনেৰেই আটাইৰে জীৱনৰ অশুৱা অমঙ্গল নাস হৈ প্ৰতিজনৰে জীৱনলৈ কঢ়িয়াই আনক ন-সূৰুযৰ কিৰণ।