দুৰ্গা পূজাৰ নৱপত্ৰিকাৰ বিষয়ে অলপ লিখিলোঁ – মধুস্মিতা শৰ্মা

দুৰ্গা পূজাৰ নৱপত্ৰিকাৰ বিষয়ে অলপ লিখিলোঁ
মধুস্মিতা শৰ্মা
  সোণাপুৰ
দুৰ্গা পূজাৰ এটা অবিচ্ছেদ অংগ হৈছে নবপত্ৰিকা পূজা । নবপত্ৰিকা মানে হৈছে ন বিধ গছৰ পাত । ডালেৰে সৈতে ন বিধ গছৰ পাত একমুঠ কৈ বান্ধি ৰখা মুঠাটোক নবপত্ৰিকা বোলা হয়।  এই নবিধ গছ হৈছে -কলগছ, কচু,হালধী,বেলগছ, অশোক,ডালিম,ধান , মান কচু, জয়ন্তী । এই নবিধ গছৰ পাতৰ সৈতে ডাল একমুঠ কৰি এডাল বগা অপৰাজিতা গছৰ শিপাৰে বান্ধি লোৱা হয় । তাৰ পিছত ৰঙা পাৰিৰ বগা শাৰী এখনেৰে ওৰণি দি কইনাৰ দৰে এখন কাঠৰ পিৰাৰ ওপৰত ঠিয় কৰাই থোৱা হয়। স্ত্ৰী ৰূপ দিবৰ বাবে দুটা বেল দুফালে দি স্তনৰ আকাৰ দিয়া হয়। এই নবপত্ৰিকা  পৰিয়ালৰ সৈতে থকা দুৰ্গা মূৰ্ত্তিৰ ঠিক সোঁফালে মণ্ডপত থাকে । আমি সকলোৱে এই নবপত্ৰিকাক বুঢ়ীগোঁসানী বুলি কওঁ।
অনুমান কৰা হৈছে অতীতত কোনো মূৰ্ত্তি পূজা বা কোনো দেৱ দেৱীক পূজা নকৰি শিল গছ আদিক পূজা কৰিছিল । বিশেষকৈ গছে আমাক আহাৰ দিয়াৰ বাবে শস্যদেৱী হিচাবে গছক মাতৃ হিচাবে পালন কৰিছিল । অৰ্থাৎ সেই গছ পূজাকে শক্তি হিচাবে লৈ দুৰ্গা পূজাতো গছ পূজাতো প্ৰচলন ৰাখিছে ।নবপত্ৰিকাত ব্যৱহাৰ কৰা প্ৰতিজোপা গছকে বেলেগ বেলেগ দেৱী হিচাবে পূজা কৰা হয় । নগৰাকী দেৱী হৈছে-
১)কলগছক দেৱী ব্ৰাহ্মণী হিচাবে পূজা কৰা হয়।
২) কচু গছক কালিকা দেৱী বুলি পূজা কৰা হয়।
৩)হালধী গছক দেৱী উমা ৰূপে পূজা কৰা হয় ।
৪) জয়ন্তী গছক দেৱী কাৰ্তিকী ৰূপে পূজা হয় ।
৫) বেল গছক  শিৱা ৰূপে পূজা কৰা হয় ।
৬) ডালিম গছক ৰক্তদন্তিকা দেৱী ৰূপে
৭) দেৱী শোকৰহিতাক অশোক গছত পূজা কৰা হয়।
৮)ধান গছত লক্ষ্মী ৰূপে পূজা কৰা হয় ।
৯) মানকচুক পূজা কৰা হয় দেৱী চামোণ্ডা ৰূপে ।
এই নবিধ দেৱীক এক কৰি দেৱী দুৰ্গাক পূজা কৰা হয় । মহাসপ্তমীৰ দিনা ৰাতিপুৱা পূজাৰীয়ে কান্ধত নবপত্ৰিকাক লৈ আনে । শঙ্খ-ঘন্টা,আয়তীৰ উৰুলি আদি মাঙ্গলিক বাদ্যৰ লগতে মন্ত্ৰোচ্চাৰণেৰে নবপত্ৰিকাক স্নান কৰোৱা হয়। বোৱতী জলাধাৰৰ পৰা আয়তীয়ে আগতেই নিয়মেৰে পানী আনি থয় । স্নান কৰোৱাৰ পিছত নতুন শাৰী ওৰণি দি পিন্ধাই সেন্দূৰ দিয়া হয়। তাৰ পিছত দুৰ্গা মূৰ্ত্তিৰ সোঁফালে কাঠৰ পিৰাত প্ৰতিষ্ঠা কৰা হয়। নবপত্ৰিকা প্ৰতিষ্ঠাৰ পিছতহে দেৱী দুৰ্গাক দাপোণেৰে স্নান কৰোৱা হয়। নবপত্ৰিকা প্ৰতিষ্ঠা কৰি দুৰ্গাপূজাৰ আৰম্ভ হয় । প্ৰতিদিনেই দুৰ্গাৰ আচল মূৰ্ত্তিৰ লগত নবপত্ৰিকাকো পূজা কৰা হয়। নবপত্ৰিকা  প্ৰতিষ্ঠাৰ আগতে পত্ৰিকা প্ৰতিষ্ঠা কৰা সম্মুখত মা চামুণ্ডাদেৱীৰ পূজা কৰা হয়।
নবপত্ৰিকা পূজা দুৰ্গা পূজাৰ এক অপৰিহাৰ্য্য পূজা । নবপত্ৰিকা পূজা মানে সাধাৰণতে শস্যদেৱীক পূজা । কৃষিৰ ওপৰত নিৰ্ভৰশীল আমাৰ দেশৰ মূল মাতৃ হৈছে শস্য । সেয়ে  নবপত্ৰিকা পূজা হিচাবে শস্যকে পূজা কৰা হয় । এই নবপত্ৰিকা পূজাৰ কথা কালিকা পুৰাণ বা মাৰ্কণ্ডেয় পুৰাণত উল্লেখ নাই । কেৱল কৃৰ্তিবাস ৰামায়ণত ৰামচন্দ্ৰই দুৰ্গা পূজাৰ আগতে নবপত্ৰিকা পূজা কৰিছিল বুলি উল্লেখ আছে । এই নবপত্ৰিকা পূজা ভক্তি ভাৱে কৰিলে ভক্তৰ মনৰ কামনা পূৰ হয় বুলি বিশ্বাস কৰে ।