যোৰহাটৰ ‘ মহালয়া ‘
মিতালি বৰঠাকুৰ, ( আচাৰ্য ) গুৱাহাটী
‘ মহালয়া ‘ হ’ল দুৰ্গোৎসৱৰ প্ৰাৰম্ভিক পৰ্ব। অৰ্থাৎ মহালয়াৰ দিনাৰ পৰাই দেৱী পক্ষৰ আৰম্ভণি হয়। আহিন মাহৰ নিয়ৰ সিক্ত শেৱালিৰ পাহি যেতিয়া ধৰাত প্ৰস্ফুটিত হয় সেই শুভ ক্ষণতেই দেৱী দুৰ্গাৰ ধৰালৈ আগমন হয়। জনশ্ৰুতি মতে , মহালয়াৰ দিনা আমাৰ উপৰি পুৰুষৰ আত্মা বোৰ পৃথিৱীলৈ নামি আহে । সেই বাবে তেওঁলোকৰ আত্মাৰ শান্তিৰ বাবে পাৰ্বন শ্ৰাদ্ধ কৰা হয় আৰু তিল তৰ্পণ কৰা হয়। যাৰ প্ৰধান উদ্দেশ্য হৈছে তেওঁলোকৰ আত্মাৰ হকে শান্তি কামনা কৰা আৰু আশীৰ্বাদ প্ৰাপ্তি কৰা। সেই দিনা নদীৰ পাৰ সমূহত যথেষ্ট মানুহৰ সমাগম হয় আৰু মাঙ্গলিক ৰীতি -নীতিৰে শ্ৰদ্ধাদি তৰ্পণ কৰা হয় পূৰ্ব পুৰুষক স্মৰণ কৰি।
কথিত আছে মহালয়াৰ সময়তে দেৱী দুৰ্গা নিজ সন্তান সহ পিতৃৰ ঘৰলৈ অহাৰ নিমিত্তে মৰ্ত্যলৈ নামি আহে। সেই বাবেই মৰ্ত্যবাসীয়ে দেৱী অহাৰ শুভ ক্ষণত তেওঁক আদৰিবলৈ প্ৰাতঃ ভ্ৰমণ কৰে। এজনে আন জনক শুভ মহালয়াৰ শুভ বাৰ্তা প্ৰদান কৰে।
সমগ্ৰ ৰাজ্যতে মহালয়াৰ পৰম্পৰা দেখা পোৱা যায় যদিও যোৰহাটৰ মহালয়াৰ এক বিশেষ স্থান আছে। সমগ্ৰ যোৰহাটত লোকে লোকাৰন্য হৈ পৰে পবিত্ৰ মহালয়াৰ শুভ ক্ষণত। প্ৰভাতি পুৱাতে ৰাজপথত পুৰুষ -নাৰী ,বয়োজ্যেষ্ঠৰ সমাগমেৰে এক নান্দনিক পৰিবেশৰ সৃষ্টি হয় যোৰহাট নগৰত। সকলোৱে দেৱী দুৰ্গাক আদৰণি জনাবলৈ মনত এক পৱিত্ৰ ভাৱ লৈ ৰাজপথলৈ ওলাই আহে। সকলোৰে বিশ্বাস যে সেইদিনা দেৱী মৰ্ত্যলৈ আগমন ঘটে । এক ধৰ্মীয় শোভাযাত্ৰাৰে সকলোৱে দেৱীৰ চন্দী পাঠ ,দুৰ্গা বন্দনা আৰু গোসাঁনী নামেৰে মুখৰিত কৰি তোলে যোৰহাটৰ ৰাজপথ। এক অনন্য পৰিবেশে বিৰাজ কৰে মহালয়াত ।যোৰহাটৰ ন’ আলি , এটি ৰোড , কেবি ৰোড আৰু গড় আলিৰ মাজেৰে এক বিশাল শোভাযাত্ৰাৰ ছবি চিত্ৰিত হয়। চালে চকু ৰোৱা যোৰহাটৰ এই পৰিবেশ যোৰহাট বাসীৰ বাবে এক অনন্য মাদকাতা ভৰা সুমধুৰ সময়। এইবাৰ যোৰহাটৰ মহালয়াৰ বিশেষ আকৰ্ষণীয় দিশ হ’ল প্ৰতিজন মহালয়াৰ ভক্তক বিনামূলীয়াকৈ ” দৈনিক জনমভূমি” বিতৰণ কৰা। এক উল্লেখনীয় পদক্ষেপ উদ্যোক্তা সকলৰ যোৰহাট বাসীৰ বাবে। যিয়ে জন- সাধাৰণক বাতৰি কাকতৰ প্ৰতি আকৰ্ষণ কৰিবলৈ সমৰ্থ হয়। এনেদৰেই যোৰহাটত মহালয়াৰ এক সুন্দৰ পৰিবেশ বিৰাজ কৰে। আমিও গৌৰৱ কৰোঁ একোজন যোৰহাট বাসী হৈ।