মহাত্মা গান্ধী ‘সত্য আৰু অহিংসৰ পূজাৰী’
স্বাগতা বৰুৱা গোস্বামী
সত্য কথা কোৱা আৰু অহিংস নীতিক জীৱনৰ ব্ৰত হিচাপে পালন কৰা মহান ব্যক্তি জনৰ নামেই হ’ল মহাত্মা গান্ধী।যাৰ প্ৰকৃত নাম আছিল মোহনদাস কৰমচাঁন্দ গান্ধী।ইংৰাজী ১৮৬৯ চনৰ ২ অক্টোবৰ দিনটো গোটেই ভাৰতবৰ্ষৰ বাবে এটা ভাল দিন আছিল। কাৰণ সেই দিনতোতে মহাত্মা গান্ধীৰ জন্ম হৈছিল। তেখেতক ৰবীন্দ্ৰনাথ ঠাকুৰে সন্মানসূচক ‘মহান আত্মা’ বুলি সন্মান দিছিল আৰু গোটেই বিশ্বতে তেওঁ মহাত্মা গান্ধী বুলি জনাজাত হৈ পৰিছিল।
মহাত্মা গান্ধী আছিল সত্য আৰু অহিংসৰ পূজাৰী।তেখেতৰ মতে সত্যই হ’ল ভগবান।সৰুৰে পৰাই গান্ধীয়ে সত্য আৰু অহিংসক তেওঁৰ অন্তৰত স্থান দি ৰাখিছিল। তেখেতে ভাৰতৰ স্বাধীনতাৰ বাবে অহৰহ চেষ্টা চলাই আহিছিল কিন্ত সেয়াও অহিংসৰ নীতিৰেহে।এতিয়া তোমালোকে চাগৈ ভাবিছা কেনেকৈ নো অহিংস নীতিৰে কামবোৰ কৰা হয় বা কিনো এই অহিংস নীতি।অহিংস নীতি মানে হ’ল কাকো হিংসা নকৰা।গান্ধীজীৰ জীৱনৰ ঘাই আদৰ্শ আছিল মানৱতাৱবাদ, ধৰ্ম নিৰপেক্ষতা, সমাজবাদ আৰু গণতন্ত্ৰ। ইয়াৰ লগতে সত্য আৰু অহিংসাক তেওঁ জীৱনৰ ব্ৰত হিচাপে লৈছিল।কাৰণ গান্ধীৰ বিশ্বাস আছিল আমাৰ ভাৰতবৰ্ষৰ মানুহৰ ওপৰত।আমাৰ সভ্যতা সংস্কৃতিৰ ওপৰত।গান্ধীজীয়ে ইংৰাজৰ বিৰুদ্ধে দিয়া যুজঁখনতো তেওঁ ব্ৰিটিছৰ নীতিটোৰহে বিৰোধীতা কৰিছিল কিন্তু তেওঁ মানুহখিনিক বেয়া পোৱা নাছিল।সেইসকলক তেওঁ বন্ধু হিচাপে মানিছিল। তেওঁ কৈছিল যে শক্ৰৰ প্ৰতি যি জন লোকে ঘৃণা ভাব নেদেখুৱাই তেওঁয়ে প্ৰকৃত সত্যাগ্ৰাহী।
মৰমৰ মইনাহঁত তোমালোকেও জীৱনত কেতিয়াও অসত্যক আশ্ৰয় নিদিবা।তোমালোকেই আমাৰ ভৱিষ্যত। কোনো মানুহক কেতিয়াও হিংসা নকৰিবা।কোনোবাই তোমালোকক কিবা কথাত আঘাত কৰিলে তোমালোকে ওলোটাই আঘাত কৰিবলৈ নাযাবা।তেতিয়া কাজিয়া বাঢ়ি গৈহে থাকে সেইসময়ত সেই স্থান ত্যাগ কৰাটো জ্ঞানীলোকৰ লক্ষণ।বিদ্যালয়ত শিক্ষকসকলৰ প্ৰতি সদায় শ্ৰদ্ধাশীল মনোভাৱ গঢ়াই তুলিবা।ডাঙৰক কেতিয়াও মিছা কথা নক’বা। মিছা কথা কোৱাটো মহাপাপ।এটা কথা সদায় জানিবা ‘সত্যৰ সদায় জয়’,যিমানেই তোমালোক সত্যৰ পথেৰে আগুৱাই যাবা,সিমানেই সমাজত উচ্চ স্থান লাভ কৰিবা তথা সকলোৰে প্ৰিয় পাত্ৰ হ’বা।নীতি আদৰ্শ অনুসৰণ কৰিবা সেইসকল ব্যক্তিৰ যিসকলে নিজৰ কৰ্মৰাজীৰে এই পৃথিৱীত নিজৰ চাপ এৰি থৈ যাবলৈ সক্ষম হৈছে।মহাত্মা গান্ধীও তেনে এজন ব্যক্তি যি নিজৰ সত্য আৰু অন্বেষণৰ বাবে স্থিৰ প্ৰতিজ্ঞ।গান্ধীজীয়ে কেনেকৈ ইংৰাজৰ দৰে ইমান শক্তিশালী জাতি এটাক পৰাস্ত কৰিবলৈ তেওঁৰ নীতি আৰু আৰ্দশৰ দ্বাৰা সক্ষম হৈছিল তেনে কথা জানিবলৈ তেখেতৰ কিতাপসমূহ অধ্যয়ন কৰিবা আৰু তেনে আৰ্দশ গ্ৰহণ কৰিবা।তেতিয়াহে গান্ধীৰ দৰে অমৰ হৈ ৰ’ব পাৰিবা।