৩০০ গৰাকীক নিযুক্তি পত্ৰ বিতৰণ

৩০০ গৰাকীক নিযুক্তি পত্ৰ বিতৰণ

ৰঙিলী বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনস্বাস্থ্য কাৰিকৰী বিভাগ, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগ তথা ফৰেনছিক বিজ্ঞান সঞ্চালকালয়ত সৰ্বমুঠ ৩০০গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰে গুৱাহাটী জি এম চি এইচৰ প্ৰেক্ষাগৃহত৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অসমৰ যুৱক-যুৱতীসকলৰ বাবে ১ লাখ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ আৰু ৰাজ্য চৰকাৰে সেই লক্ষ্য সফলতাৰে অতিক্ৰম কৰি স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে আজিলৈ ১,২৪,৬৪৫গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে৷ মুখ্যমন্ত্ৰীয়ে আজি নিযুক্তি পত্ৰ লাভ কৰা প্ৰতিগৰাকী প্ৰাৰ্থীক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।