বে-চৰকাৰী অনুষ্ঠান সাহস-ৰ টীমে মাজুলীৰ বিভিন্ন স্থানত ৰূপায়ন কৰিছে চাফ্ৰাই অভিযান কাৰ্যসূচী
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- চৰকাৰী কাৰ্যসূচী “স্বচ্ছতা হি সেৱা-২০২৪” লৈ বিশেষ সহযোগ আগবঢ়াই ‘সাহস’ নামৰ বে-চৰকাৰী অনুষ্ঠানটোৱে যোৱা ১৭ চেপ্তেম্বৰৰ পৰা মাজুলীৰ বিভিন্ন স্থানত চাফাই অভিযান কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে। মাজুলীত শুকান জাৱৰ ব্যৱস্থাপনাৰ ওপৰত কাম কৰি থকা এই অনুষ্ঠানটোৱে বিগত দিনকেইটাত কমলাবাৰী ঘাট অঞ্চল, কমলাবাৰী স্বাস্থ্য কেন্দ্ৰ , ব্লক তিনিআলি , ধাপাক গাওঁ , জেংৰাইমুখ , নয়াবজাৰ , হালধীবাৰীকে ধৰি বিভিন্ন স্থানত মাজুলী জিলা প্ৰশাসন আৰু স্থানীয় জনসাধাৰণৰ সহযোগত চাফাই অভিযান কাৰ্যসূচী কৰি গৈছে।
উল্লেখযোগ্য যে, সাহসে মাজুলীৰ ৫ খন পঞ্চায়তৰ গাঁৱে গাঁৱে গৈ ঘৰুৱা পৰ্যায়ত তথা দোকান-পোহাৰ সকলোতে শুকান জাৱৰ ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব দি একোটাকৈ নীলা বেগ প্ৰদান কৰি জনসাধাৰণক সজাগ কৰিছে।