ভূমি পট্টা প্ৰদানৰ দাবীত ডিব্ৰুগড়ত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিক্ষোভ
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা– চাহ বাগিচাৰ শ্ৰমিকক ভূমি পট্টা প্ৰদানৰ দাবীত ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ত বিক্ষোভ প্ৰদৰ্শণ আদিবাসী ছাত্র সন্থাৰ। ‘আছা’ৰ ডিব্ৰুগড় জিলা সমিতিয়ে আদিবাসী জনগোষ্ঠীৰ বিভিন্ন জ্বলন্ত সমস্যাসমূহ সমাধানৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে চাহ বাগিছাৰ চাহ ম্যাদী ভূমিত বসবাস কৰা ‘চাহ ম্যাদী’ শ্ৰেণীৰ ভূমি বাতিল কৰি এই ভূমি আদিবাসীসকলক দিয়া ব্যৱস্থা কৰা, মিচন বসুন্ধৰা ৩.০ৰ অধীনত আদিবাসীসকলৰ দখলত থকা চৰকাৰী ভূমিৰ নিয়মানুযায়ী প্ৰতি ভূমিহীন লোকক কমেও ৮ বিঘাকৈ ভূমি পট্টা দিয়া ব্যৱস্থা কৰা, চাহ বাগিছাৰ শ্রমিক আৱাস গৃহৰ লগত লাগি থকা গাৰ্ডেনসমূহক মিচন বসুন্ধৰা ৩.০ৰ অধীনত পট্টা দিয়া ব্যৱস্থা কৰা, মিচন বসুন্ধৰা ২.০ত বিনা কাৰণত ৰিজেক্ট হোৱা আদিবাসীসকলৰ আবেদন পুনৰ নিৰীক্ষণ কৰি স্থায়ী ভূমি পট্টা দিয়া ব্যৱস্থা কৰা আদি দাবীসমূহ উত্থাপন কৰা হয়। আছাৰ জিলা সভাপতি নৃপেন মুণ্ডা , সম্পাদক পল্লৱ পাহাৰীয়াৰ নেতৃত্বত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত দুই শতাধিক চাহ-শ্ৰমিকে অংশগ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আৰু জিলা আয়ুক্তৰ জৰিয়তে অসম চৰকাৰক ইয়াৰ বিহিত ব্যবস্থা লবলৈ স্মাৰক পত্ৰ প্ৰদান কৰে।