শৰতৰ অনুভৱ – ৰাজশ্ৰী শৰ্ম্মা

শৰতৰ অনুভৱ

ৰাজশ্ৰী শৰ্ম্মা
গোলাঘাট, বনগাঁও

ঋতু আহে ঋতু যায়। দি যায় নিজস্ব বৈশিষ্ট্যৰে পৰিপূৰ্ণ প্ৰকৃতিৰ নিয়মৰ গাঁথা । ছয় ঋতুৰ সমাহাৰেৰে বৈশিষ্ট্যপূৰ্ণ “শৰত” ঋতুৰ ৰাণী শৰৎ এক সঞ্জীৱনী শক্তি। আহিনৰ আচল টানি ভুমুকি শৰতে । এক শান্ত, সন্মোহিত ঋতু যাৰ নাম শৰত । অতি সংগোপনে আগমন ঘটে আমাৰ মাজলৈ। এটি চিনাকি চিনাকি লগা সুবাস যাৰ আমোলমোলত মুখৰিত কৰিছে। চোতালৰ শেৱালি পাহিয়েও সুবাস বিলাই মিচিকিয়াই হাঁহিছে।

এয়া যে শেৱালি ফুলাৰ বতৰ। শৰত শেৱালিৰ আজন্ম প্ৰেমিক| শৰতৰ বাবেই যেন শেৱালি আৰু শেৱালিৰ বাবেই যেন শৰত। “শৰত”  শব্দটিতেই নিহিত হৈ আছে এক মায়াবী “শৰত” শব্দটিতেই নিহিত হৈ আছে এক মিঠা অনুভূতি ,নিৰাশাৰ মাজতো আশাৰ বতৰা কঢ়িয়াই অনা এটি সুখৰ সফুঁৰা ।

স্নিগ্ধ শেৱালি ফুলৰ সুবাসে মন মতলীয়া কৰে ।শেৱালিৰ মিঠা সুঘ্ৰাণৰ সুবাসত কবিয়ে কবিতা লিখে তেওঁৰ প্ৰেয়সীলৈ, গায়কে গীত যোৰে আৰু প্রেমিকেও শৰতক লৈয়ে বহুতো সপোন ৰচে । নৈ পাৰত কঁহুৱাই বহু মনৰ কথা কৈ যায় । নিৰ্মল আকাশৰ তলত শুকুলা মেঘৰ মাজত সুঘ্রাণত শেৱালিৰ মিঠা সুবাস কঁহুৱা ফুলৰ মন প্রাণ হৰি নিয়া নৈসর্গিক দৃশ্য । কহুৱা ফুল ঠিকনাবিহীন  শৰতে আমন্ত্ৰণ জনায় শাৰদীয় দুর্গতি নাশিনী দেৱী-দুৰ্গা পূজা। এই ঋতুত সকলো অপশক্তিক নাশ কৰিবলৈ মহর্ষি মৰ্দনী মা দুর্গা মত্যলৈ নামি আহে দুর্গতি নাশিনী দেৱী-দুৰ্গাৰ শাৰদীয় পূজা। এই মোহনীয় ঋতুৰ কোনোৱা পবিত্র ক্ষণত পুৰুষোত্তম ৰামচন্দ্ৰই দেৱী মহাময়াৰ আৰাধনা কৰিছিল অশুভ শক্তিক পৰাভূত কৰিবলৈ |সকলো অপশক্তিক নাশ কৰিবলৈ মহর্ষি নন্দিনী মা দুর্গা মত্যলৈ নামি আহি মত্যৰ ভক্ত প্রাণ সকলে জাউৰিয়ে জাউৰিয়ে উৰুলি , দবা , শংঙ্খৰ ধ্বনিত আকাশ কঁপাই ।

পূজাৰ মণ্ডপবোৰ নানাৰঙী সাজ-সজ্জাই আটক ধুনীয়া কৰি তোলে। আহিন মাহৰ শুক্লা ষষ্ঠী তিথিৰ পৰা দশমীলৈকে ভক্তগণে মাংগলিক ধব্বনীয়ে আকাশ- বতাহ মুখৰিত কৰি আইৰ চৰণত পূজা-অৰ্চনা কৰে। শাৰদীয় বৰ্ণময় আৱেশে মনৰ কলুষতা আঁতৰাই হৃদয়ত পৱিত্ৰতাৰ ঢল বোৱাই দিয়ে।

শৰতৰ বুকুতে নিহিত হৈ থাকে বিভিন্ন পূজা পাৰ্বন । গণেশ চতুর্থী, বিশ্বকর্মা পূজা, দুর্গাপূজা, লক্ষ্মীপূজা, কালীপূজা,ৰাসমহোৎসৱ আদি লানি নিছিগা উৎসৱৰ বতৰা।