লিমাৰিক – ৰুমী কলিতা দত্ত

লিমাৰিক
  ৰুমী কলিতা দত্ত
২নং কেন্দুগুৰি
চৰকাৰে গায় “বেটি বচাওঁ শ্ল’গান”
সমাজত নাৰীক কৰিছে অপমান
মানৱ হৈছে দানৱ
ৰক্ষক হৈছে ভক্ষক
সকলোতে দেখিছোঁ জনতাৰ স্খলন ।
চৌদিশে হওক শান্তি আৰু নিৰৱতা
শেষ হওক সমাজৰ উচ্ছৃংখলতা
মূল্য-বৃদ্ধি ৰোধ কৰা
দুখীয়াক তুলি ধৰা
দেশে দেশে কিয় হৈছেগৈ অৰাজকতা ।
নাৰী অধিকাৰ উলঙ্ঘন  নকৰিব
নাৰীক অপমান,চাইয়ে  নাথাকিব
হাঁয় মানৱ সমাজ
কৰিছে অসৎ কাজ
নাৰী জাতিক ভৰিৰে গচকি নিদিব ।
নাৰী জাতি হৈছে জগতৰ শতদল
নাৰী অবিহনে সমাজ হয় দুৰ্বল
নাৰী ৰঙীণ গোলাপ
নাৰী পুষ্প পাৰিজাত
নাৰীৰ বাবেই আহক লৈ সমদল ।