অভিনেতা, নৃত্য পৰিচালক বিশ্বজিৎ বৈশ্যলৈ সমন্বয় সাহিত্য মঞ্চ, অসমৰ বিশেষ সম্বৰ্দ্ধনা

অভিনেতা, নৃত্য পৰিচালক বিশ্বজিৎ বৈশ্যলৈ সমন্বয় সাহিত্য মঞ্চ, অসমৰ বিশেষ সম্বৰ্দ্ধনা

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী প্ৰেছ ক্লাবত ১৯ চেপ্তেম্বৰত অনুষ্ঠিত হোৱা সমন্বয় সাহিত্য মঞ্চ, অসমৰ তৃতীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।অনুষ্ঠানত শুৱালকুছি,বংশৰৰ অভিনেতা, নৃত্য পৰিচালক বিশ্বজিৎ বৈশ্য ক বিশেষ সম্বৰ্দ্ধনা প্ৰদান কৰা হয়। বিশ্বজিৎ বৈশ্যৰ সৃষ্টিৰাজিৰ যি নতুন চানেকি আৰু শিখৰত গৈ সুনাম অর্জন কৰক তাৰে কামনা কৰিছে অঞ্চলবাসীৰ লগতে শুভাকাংখী সকলে। দিহানামেৰে শুভাৰম্ভ কৰা গাম্ভীর্যপূৰ্ণ অনুষ্ঠানটোৰ সভাপতিত্ব কৰে উষামনি শইকীয়াই। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে, কবি,সমালোচক, প্ৰবীণ সাংবাদিক বিপুল শৰ্মা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ, লোক সংস্কৃতিৰ গৱেষক ড০ লীলাধৰ হাজৰিকা। লগতে বহুতো গুণী-জ্ঞাণী লোক , সাহিত্যিক, কবিকে ধৰি উপস্থিত থাকে বুলি সমন্বয় সাহিত্য মঞ্চ, অসমৰ মুখ্য সম্পাদক ময়েজউদ্দিন আহমেদে জানিবলৈ দিয়ে।অনুষ্ঠানৰ শেষত শিশুশিল্পী কৃষ্টি বৈশ্যৰ এটি সুন্দৰ নৃত্যই পৰিবেশ জীপাল কৰি তোলে।