কটকটীয়া নিৰাপত্তাৰ মাজতে জম্মু-কাশ্মীৰত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

কটকটীয়া নিৰাপত্তাৰ মাজতে জম্মু-কাশ্মীৰত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা- কটকটীয়া নিৰাপত্তাৰ মাজতে আজি জম্মু-কাশ্মীৰত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ।কেন্দ্ৰীয় শাসিত অঞ্চলটোত শান্তিপূৰ্ণভাৱে ভোটদান সম্পন্ন কৰাৰ বাবে নিৰ্বাচন আয়োগে ব্যাপক ব্যৱস্থা কৰিছে । পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান সন্ধিয়া ৬ বজাত শেষ হ’ব । সকলো স্পৰ্শকাতৰ অঞ্চলৰ নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে ।  ৰাজ্যখনৰ ৭খন জিলাৰ ২৪টা সমষ্টিত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া। আজিৰ এই ভোটগ্ৰহণত ২৩.২৭লাখ ভোটাৰে নিৰ্ণয় কৰিব ২১৯ জন প্ৰাৰ্থী ভাগ্য। প্ৰাৰ্থীসকলৰ ভিতৰত ৯০ গৰাকী প্ৰাৰ্থীয়ে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কাশ্মীৰ সংমণ্ডলৰ ১৬টা সমষ্টি ক্ৰমে পাম্পোৰ, তৰাল, পুলৱামা, ৰাজপোৰা, জৈনপোৰা, শ্বোপিয়ান, ডি এইচ পোৰা, কুলগাম, দেৱছাৰ, দুৰু, কোকেৰনাগ (এছ টি), অনন্তনাগ পশ্চিম, অনন্তনাগ, শ্ৰীগুফৱাৰা-বিজবেহাৰা, শ্বাংগাস-অনন্তনাগ ইষ্ট আৰু পহলগাম আজি ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । আনহাতে জম্মু সংমণ্ডলত আঠটা সমষ্টি ক্ৰমে ইন্দৰৱাল, কিষ্টৱাৰ, পদ্দাৰ-নাগাসেনী, ভাদেৰৱাহ, ডোডা, ডোডা পশ্চিম, ৰামবন আৰু বানিহালত ভোটদান চলি আছে । জম্মু কাশ্মীৰত ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ পিছত প্ৰথমবাৰৰ বাবে আৰু বিগত ১০ বছৰৰ পাছত অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচন ৷ উল্লেখ্য যে ২০১৪ চনত শেষবাৰৰ বাবে জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। সেই সময়ত অৱশ্যে উপত্যকাটোৰ সম্পূৰ্ণ ৰাজ্য আছিল। কিন্তু ২০১৯ চনৰ আগষ্ট মাহত কেন্দ্ৰই ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়। তেতিয়াৰ পৰাই ই কেন্দ্ৰীয় শাসিত অঞ্চলত পৰিণত হৈছে। ইফালে ৰাজ্যখনৰ ভোটাৰসকলক ভোটদান কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জনাইছে আহ্বান।টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব আৰম্ভ হৈছে। সকলো ভোটাৰক বৃহৎ সংখ্যাত ভোট দান কৰিবলৈ আৰু গণতন্ত্ৰৰ উৎসৱ শক্তিশালী কৰিবলৈ আহ্বান জনাইছো। মই বিশেষকৈ যুৱ আৰু প্ৰথমবাৰৰ বাবে ভোটাৰসকলক তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছো।