আইএছএলত আজি নিজৰ অভিযান আৰম্ভ কৰিব নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে

আইএছএলত আজি নিজৰ অভিযান আৰম্ভ কৰিব নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগ ২০২৪-২৫ (আইএছএল)ত নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে আজি নিজৰ অভিযান আৰম্ভ কৰিব । কলকাতাৰ কিশোৰ ভাৰতী ক্রীডাংগনত আজি নিশা ৭.৩০ বজাত হ’ব লগা মেচত কলকাতাৰ তৃতীয়টো দল মহমেদান স্পার্টিং ক্লাবৰ বিৰুদ্ধে খেলিব (আইএছএল)ত নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে ।আজি ঘৰুৱা খেলপথাৰত অনুৰাগীৰ সন্মুখত ভাৰতীয় ফুটবলৰ গ্লেমাৰ লীগখনত মহমেদানে অভিষেক কৰিব। আইএছএলত যদিও মহমেদান স্পার্টিং ক্লাব নতুন দল, কিন্তু ভাৰতীয় ফুটবলত দলটোৰ গৌৰৱময় ঐতিহ্য আছে। ইফালে, প্ৰথমবাৰৰ বাবে ঐতিহাসিক ডুৰাণ্ড কাপ ফুটবলৰ খিতাপ জয় কৰি নতুন ছিজনৰ আৰম্ভণি কৰা নৰ্থ হষ্ট ইউনাইটেডে এতিয়া আইএছএলতো সুন্দৰ প্ৰদৰ্শন কৰাৰ বাবে সাজু হৈছে। বিপক্ষৰ ষ্টেডিয়ামত দলে অভিযান আৰম্ভ কৰিব যদিও এই বিষয় লৈ দল মুঠেও চিন্তিত নহয়। কাৰণ দুসপ্তাহ পূর্বে কলকাতাতে ডুৰাণ্ড কাপৰ ফাইনেলত মোহন বাগানক পৰাস্ত কৰি নৰ্থ ইষ্ট ইউনাইটেডে প্রথমটো খিতাপ জয় কৰিছিল।