মানুহে নিজ যোগ্যতাতকৈ যদি অধিক পায়- চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি, অসম

P.C-DeviantArt

মানুহে নিজ যোগ্যতাতকৈ যদি অধিক পায়

        আমাৰ এই সংসাৰত মানুহৰূপী নৰ- কংকালৰ চৰিত্ৰটো বৰ বিচিত্ৰ। কাৰণ বৰ্তমান সময়ত বিশেষকৈ আমাৰ সমাজ সমূহত এজনে আনজনৰ সহায় কৰাতকৈ এজনে আনজনৰ ওপৰত শোষণ, দমন নীতিবোৰ অবলম্ব কৰি হ’লেও কেৱল ব্যক্তিগত উন্নতিৰ বাবে প্ৰতিপল,প্ৰতিক্ষণ চিন্তা-চৰ্চা কৰাতে ব্যস্ত দেখা যায়। আমাৰ সমাজৰ দৰে নিকৃষ্ট মানসিকতাৰ মানুহৰ সংখ্যা পাশ্চাত্য সমাজবোৰত একেবাৰে নিম্ন মানৰ বুলি কলেও ভুল নহ’ব। সেয়েহে পাশ্চাত্য সমাজে সকলোবোৰ মানুহৰ সহযোগত আমাৰ দেশৰ তুলনাত বহু বিকশিত হৈ পৰা পৰিলক্ষিত হয়। আচলতে আমাৰ সমাজত সুযোগ্য ব্যক্তি সকলে কেৱল মাত্ৰ এটা সুযোগ পোৱাৰ অপেক্ষাত গোটেই জীৱন পাৰ দিয়ে। কিন্তু সেই যোগ্য ব্যক্তিগৰাকী যোগ্যতা সমূহে উচিত মৰ্যদা পোৱাগৈ নাই‌ বা কেতিয়াওঁ উচিত মৰ্যদায়ে নাপায়গৈ। আনহাতে এজন অযোগ্য ব্যক্ত এগৰাকী নিজৰ যোগ্যতাতকৈ অধিক পোৱা পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা যায়। সেয়েহে যেতিয়া এজন মানুহে নিজ যোগ্যতাতকৈ যদি অধিক পায় তেন্তে মানুহৰ দ্বাৰা প্ৰাপ্য হোৱা যিকোনো ধৰণৰ বিষয়-বস্তুৰে উচিত মৰ্যদা প্ৰদানৰ প্ৰতি ব্যৰ্থ হোৱা দৃষ্টিগোচৰ হয়। লাগিলে সেইটো ধন-সম্পত্তি পৰা আৰম্ভ কৰি পদ, প্ৰতিষ্ঠা, সন্মান আদি যিহকে দখল কৰিবলৈ সক্ষম নহওঁক কিয় ?। যেনেকৈ একেবাৰে মাটিৰ তলৰ পৰা গজা গছ এজোপা পৰাপক্ষত সকলো প্ৰকাৰৰ বিপৰীত পৰিস্থিতিতো নিজকে সবল, শক্তিশালী কৰি লহ,লহকৈ বাঢ়ি গৈ থাকে বা নিজকে ৰক্ষা কৰিবলৈ সক্ষম হয়। ঠিক সেইদৰে কিন্তু একেবাৰে আগত গজা গছ এজোপাই একেবাৰে সামান্য ধৰণৰ বিপৰীত পৰিস্থিতিতে ভাঙি-চিঙি চুৰমাৰ হৈ যায়। অৰ্থাৎ মই কোৱাৰ তাৎপৰ্য এইটোৱে যে, আমাৰ সমাজত যেতিয়ালৈকে এজন যোগ্য ব্যক্তিৰ তুলনাত এজন অযোগ্য ব্যক্তিয়েহে আগস্থান দখল কৰি থাকে বা আগস্থান প্ৰদানৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা যায়। ঠিক তেতিয়ালৈকে আমাৰ সমাজৰ, আমাৰ দেশৰ মানচিত্ৰবোৰ কাগজে-পত্ৰে বা কেৱল মানুহৰ  মনেৰে ,মানুহৰ মুখে, মুখে সলনি হৈ থাকিব কিন্তু বাস্তৱ পৰিস্থিতিবোৰ আৰু অধিক জটিল ৰূপ ধাৰণ কৰিব।