সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা ইনামূল হকৰ বিয়োগ

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা ইনামূল হকৰ বিয়োগ

ৰঙিলী বাৰ্ত্তাসেৱা– সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন মুখ্য সাংগঠনিক সম্পাদক, বিশিষ্ট অধিবক্তা, সদৌ দেশী জনগোষ্ঠী জাতীয় সংসদৰ সভাপতি ইনামূল হক আৰু নাই।যোৱা কালি পুৱা প্ৰায় ৭.৩০ বজাত ধুবুৰী মেডিকেল কলেজ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে আছুৰ প্ৰাক্তন নেতাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেঁওৰ বয়স হৈছিল প্ৰায় ৫৫ বছৰ। প্ৰাক্তন ছাত্ৰ নেতাগৰাকীৰ মৃত্যুৰ খবৰে ধুবুৰীত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে। পুৱাৰে পৰা প্ৰয়াত ইনামূল হকৰ ধুবুৰীৰ ঝগৰাৰপাৰস্থিত বাসগৃহত গুণমুগ্ধ ৰাইজৰ লানি নিছিগা সোঁত ব’বলৈ ধৰে। সকলোৱে তেঁওলোকৰ অতি প্ৰিয় নেতাগৰাকীৰ নশ্বৰ দেহত অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। মৃত্যুৰ সময়ত ইনামূল হকে পত্নী, এজন পুত্ৰ সন্তানৰ লগতে অলেখ আত্মীয় স্বজন, গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়। বিয়লি প্ৰায় ৩ বজাত স্থানীয় ঝগৰাৰপাৰ মাদ্ৰাছাৰ চৌহদত থকা কবৰস্থানত অগণন লোকৰ উপস্থিতিত তেওঁৰ জানাজা সম্পন্ন কৰা হয়।