গোলাপ
সত্যজিৎ গগৈ,
বামুণী গাওঁ,জখলাবন্ধা
সেউজীয়া পাতেৰে
সেউজীয়া ডালেৰে
সেউজীয়া কাঁইটেৰে
ৰঙাকৈ ফুলি উঠা এপাহি গোলাপ।
তোমাৰ ওঁঠৰ ৰঙেৰে
তোমাৰ চুলিৰ ৰঙেৰে
তোমাৰ নখৰ ৰঙেৰে
ৰাঙলী হোৱা এপাহি গোলাপ।
পাহিবোৰত ৰঙা
হাতত ৰঙা
কলিজাত ৰঙা
কলডিলীয়া ৰঙৰ এপাহি গোলাপ।
চিঙিব খুজিও থমকি ৰোৱা
সুগন্ধিৰ গধুলিৰ মেলা
তেজৰঙা মোৰ হৃদয়ৰ
প্ৰতিটো বিন্দুৱেই এপাহি গোলাপ ৰঙা।