ভক্ষক – অংশুমান ভূঞা

অণুগল্প
ভক্ষক
অংশুমান ভূঞা
চামতা, নলবাৰী
“ছাৰ, এইবাৰ অইনবাৰতকৈও বিধ্বংসী ৰূপ ধৰিছে। আপোনালৈ সকলো তথ্য পঠিয়াই দিছোঁ। শীঘ্ৰে ব্যৱস্থা লওক।” খবৰটো পাই শইকীয়াৰ মুখত এটা কুটিল হাঁ‌হি বিয়পি পৰিল।
“বৰবৰা, আপুনি গ্ৰাহক বিচাৰিব নালাগে। বাৰিষাটো পাৰ হওক, ময়েই কিনিম।”
কাৰ্যালয়ৰ টিভিটো অন কৰি শইকীয়াই চকুদুটা মুদি দিলে। কাণত বন্যাৰ্তৰ আৰ্তনাদ আৰু দুচকুত বৰবৰাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা সোণৰ দৰে মাটিটুকুৰাত এটা বিলাসী অট্টালিকাৰ স্বপ্ন . . . .।