জ্ঞান সমূহক সদায় সঠিকভাৱে ৰূপায়ণ কৰা উচিত – চন্দ্ৰ শেখৰ পৰাজুলী

জ্ঞান সমূহক সদায় সঠিকভাৱে ৰূপায়ণ কৰা উচিত

চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি

আমাৰ মানৱ জীৱন জ্ঞান আহৰণ অবিহনে জীৱনৰ মূল্য একেবাৰে নৰকৰ সমতুল্য বুলি কব পাৰি। কাৰণ আমি জন্মগ্ৰহণ কৰাৰ পিছৰে পৰা নিজকে সমৃদ্ধিশালী মানুহ ৰূপত গঢ়ি তুলিবলৈ হলে একেবাৰে প্ৰথমটো সাধন জ্ঞানৰ ভৰাল দিন প্ৰতিদিনে বৃদ্ধি কৰিবলৈ তৎপৰ হৈ থকা। কেতিয়াবা আমাৰ জীৱনত আহি পৰা বেয়া দিনবোৰত বা বেয়া পৰিস্থিতি সমূহত সকলোবোৰ মূল্যবান সা-সম্পত্তিবোৰ হেৰাই গলেও যদিহে আমাৰ হাতত জ্ঞানৰূপী আহিলা অন্তনিৰ্হিত হৈ থাকে তেন্তে কিছুদিন কষ্টৰ বিনিময়ত সকলোখিনি পুনৰ ওভতাই পাবলৈ সক্ষম হম। এতিয়া কথা হল,এজন মানুহৰ ক্ষেত্ৰত ভৰপুৰ মাত্ৰাত জ্ঞান আহৰণ কৰি যোৱাটোৱে এক সফল জীৱনৰ চাবি- কাঠী হব পাৰেনে ? আমি প্ৰায় সামান্যতম সকলোবোৰ মানুহে একেবাৰে সমান মাত্ৰাতে জ্ঞান আহৰণ কৰা দেখিবলৈ পোৱা যায়। কিন্তু তাৰে ভিতৰত কিছুমান মানুহৰ তুলনামূলকভাৱে জ্ঞানৰ পৰিসৰ বহুত অধিক ৰূপত পৰিলক্ষিত হোৱাও দেখিবলৈ পাওঁ। তথাপিও আমি সকলোৱে হয়তো দেখিবলৈ সক্ষম হৈছোঁ যে ,একেবাৰে সামান্যতম জ্ঞানৰ জৰিয়তেও কিছুমান মানুহে নিজ নিজ বিভিন্ন ধৰণৰ দিশত বহু সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ একমাত্ৰ কাৰণ হল তেওঁলোকে নিজৰ দখলত থকা একেবাৰে সামান্যতম জ্ঞান সমূহকো সঠিকভাৱে ৰূপায়ণ কৰি যাবলৈ সক্ষম হৈছে। কাৰণ আমি প্ৰতিজন মানুহে সমানেই জ্ঞাত যে ,কোনবোৰ দিশত গতি কৰিলে আমাৰ আত্ম উন্নতি হয় আৰু কোনবোৰ দিশৰ জৰিয়তে আমাৰ জীৱন ধংসৰ পিনে গতি কৰে।সেয়েহে আমি আমাক কষ্টকৰ যেন অনুভৱ হোৱা ভাল দিশবোৰ পৰিত্যাগ কৰি একেবাৰে সহজাত বা মনোৰঞ্জন মূলক বেয়া দিশৰ পিনে সহজেই অগ্ৰসৰ হৈ পৰো। আমি বেয়া দিশত অগ্ৰসৰ হৈ থকা প্ৰতিজন ব্যক্তিয়ে নিজৰ ভবিষ্যতৰ বিষয়ে ভালকৈ জ্ঞাত হোৱাৰ পিছতো সেই বেয়া দিশবোৰ ত্যাগ কৰিবলৈ নিজকে মান্তি কৰি লবলৈ অসমৰ্থ হৈ পৰো। সেয়েহে উপৰোক্ত আলোচনাৰ জৰিয়তে এটা কথা স্পষ্ট হৈ পৰিছে যে, মানৱ জীৱনত ভৰপুৰ মাত্ৰাত জ্ঞান আহৰণ কৰি যোৱাটোৱে মুখ্য উদ্দেশ্য কেতিয়াও হব নোৱাৰে। অৰ্থাৎ আমি জীৱনত আহৰণ কৰিবলৈ সক্ষম হোৱা জ্ঞান সমূহক সদায় সঠিকভাৱে ৰূপায়ণ কৰা উচিত ।