মোখোৰা – মধুস্মিতা শৰ্মা

মোখোৰা
 মধুস্মিতা শৰ্মা
   সোণাপুৰ 
এজাক মোখোৰা পিন্ধা মানুহ
গৈ আছে
সূৰ্য্যৰ প্ৰখৰ পোহৰ
কিন্ত পৃথিৱী আন্ধাৰ
আন্ধাৰেৰে এজাক মোখোৰা পিন্ধা মানুহ,
পূৰ্ণিমাৰ জোনৰ পোহৰত উদ্ভাসিত আকাশ
কিন্তু, আঁউসীৰ আন্ধাৰত ককবকাই আছে জোনে,
আতুৰ মানুহজাক চুচৰি চুচৰি চূৰমাৰ হৈ
গৈ আছে,
হেলনীয়া পিঠিত গধুৰ বোজা
এটি বিন্দুত আবদ্ধ সিহঁতৰ মস্তিষ্ক ,
ধৰ্ষণ, হত্যা লুণ্ঠন , শোষণ
অহৰহ চিৎকাৰত তোলপাৰ
কিন্তু মোখাৰা পিন্ধা মানুহবোৰ নিমাত,
মোখাৰাৰ ফাঁকেৰে জিভাবোৰ
ভৰিলৈকে দীঘল
আন্ধাৰৰ সুৰুঙাৰে সিঁহতি
বিক্ৰী কৰে নিজৰেই বীৰ্য্য ,
আই-পিতাইৰ ব্লাউজ বনিয়নো
ৰক্ষা নপৰে ,বন্ধক দিয়ে।
কোনো ৰং নাই
কোনো ভাষা নাই
আঁঠু কাঢ়িব পাৰে য’তে ত’তে
কামিজৰ ৰঙো সলাব পাৰে যেতিয়াই তেতিয়াই
 তাৰে কিছুমানে মুখ খুলিব বিচাৰে
কিন্তু ,হেঁচুকী গলা টিপা দিয়ে লগৰবোৰে
নহ’লে বিলাসিতাত বিক্ৰী হয় সহজে ।
চাৰিওফালে কেৱল মোখোৰা পিন্ধা  মানুহ
ভয় , সন্ত্ৰাস আৰু স্বাৰ্থত
চকু কাণ বন্ধ কৰি
মোখোৰা পিন্ধে মুখত
মোখোৰাৰ বয়স উকলিছে
নহ’লে শেষ হ’ব সকলো,
কৃত্ৰিমতাত , কংক্ৰিটত শ্বাসহীন হৈ
ধ্বংস হ’ব নিজেই অথবা ভৱিষ্যত ।