আশাত বন্দী জুমন
আজি পুৱাৰ পৰা জুমনৰ গাত তত নাই। আনদিনাৰ দৰে আজি তাক মাকে শোৱাপাটী ত্যাগ কৰিবলৈও চিঞৰিব লগীয়া হোৱা নাই। পুৱা সোনকালে উঠি গা-পা ধুই ফুল তুলিবলৈও গৈছে। মনত অসীম আনন্দ। তাতে এইবাৰ সি মাকক খাটনিও ধৰি আছে যে মামাকৰ ঘৰলৈ অলপ বেছি দিন থকাকৈ যাব। তাত সি মামাকৰ ল’ৰা জোনাকৰ সৈতে মিলি একেলগে আম পাৰি খাব। লগতে কঠাল আৰু জামুও খাব। সি ডাঙৰ হোৱাৰ পৰাটো তাক মাকহঁতে কোলাত নোলোৱাই হ’ল, কিন্তু মামাৰহঁতৰ ঘৰততো তাক আইতাকে কোলাতে বহুৱাই লৈ সাধুও ক’ব। আকৌ জোনাক ৰাতি বিদু্যতে লুকা-ভাকু খেলাৰ সময়ত জোনাকৰ লগ হৈ জুমনে জোনাকী পৰুৱা বোৰৰপাছে পাছে দৌৰি ফুৰিবও পাৰিব। আকৌ পঢ়াৰ টেবুলত বহি নেওঁতাখন কোনে আগতে লিখি শেষ কৰিব পাৰিব বুলি প্ৰতিযোগীতাও কৰিব পাৰিব। মুঠৰ ওপৰত পৰিকল্পনাৰ ওৰ নাই। পিছে পাখি লগা যন্ত্ৰটোৰ ফালে লক্ষ্য কৰি ভাবিলে যে এতিয়া এইবোৰ ভাবি থাকিলে তাৰ বিদ্যালয়লৈ যাবলৈ দেৰি হৈ যাব। তাতে ৰাভা সংগীতো এবাৰ গাই চাবলৈ আছে বুলি সি ল’ৰা-লৰিকৈ ফুলেৰে এটি সুন্দৰ থোপা সজাই বেগত ভৰাইয়ে মাকক সোনকালে ভাতকেইটাই বাঢ়ি দিবলৈ কৈছে। বাঢ়ি দিয়া ভাতকেইটা খাই বিদ্যালয়লৈ বুলি যাবলৈ লওঁতেই মাকে বোলে উঠা জুমন উঠা। কিয় ইমান দেৰিলৈকে আজি উঠা নাই। মাকৰ মাতত সি চকা-মকাকৈ সাৰ পাই দুধাৰি চকুলো বোৱাই দিলে। কি হ’ল জুমন কিয় কান্দিছা· মানে মা সেইটো সপোনহে আছিল নিকি· কি সপোনৰ কথা কৈছা জুমন, এই যে কালিলৈৰ পৰা হ’ব লগীয়া গৰম বন্ধটো, আমি মামাহঁতৰ ঘৰলৈ যোৱাৰ কথাটো বুলি মাকক সি গোটেই কথাখিনি ক’লে। হয় জুমন এই সকলোবোৰ তোমাৰ সপোনহে আছিল। তুমি চাগে এইবোৰ ভাবি শুই আছিলা আৰু সেইবাবে তোমাক ভগৱানে এইবোৰ সপোনত দেখাই দিলে। অ’ মা মোৰ যে ইমান বিদ্যালয়লৈ যাবলৈ মন গৈছে , লগৰ ল’ৰা-ছোৱালীৰ লগত খেলিবলৈ মন গৈছে আৰু মামাহঁতৰ ঘৰলৈ যাবলৈও মন গৈছে। অ’ মা আমি মামাহঁতৰ ঘৰলৈ নো আকৌ কেতিয়া যাবলৈ পাম· তুমি চিন্তা নকৰিবা জুমন যদি আমি সকলোৱে কভি’ডৰ প্ৰট’কল সমূহ মানি চলো অতি শীঘ্ৰে আমি ইয়াৰ পৰা হাত সাৰিব পাৰিম আৰু আকৌ আগৰ দৰেই মুক্ত মনেৰে সকলোলৈ যাব পাৰিম। এতিয়া সোনকালে উঠি মুখ-হাত ধুই কুহুমীয়া পানী দুগিলাছ খোৱা, মই পুৱাৰ আহাৰৰ ব্যৱস্থা কৰোগৈ।