” সংশয় “- সুষমা গোস্বামী , যোৰহাট ।

pc-dreamstimes

” সংশয় “

বাতৰিখন মেলি ল’বা , দূৰদৰ্শনটিও খুলি ল’বা ,
প্ৰকাশিব এখন ছবি , প্ৰাধান্যতা লভি
শীৰ্ষত লৈছে দখল – বাতৰিত আহি ,
সেইখনেই হৈছে ধৰ্ষণৰ ছবি ।

ধৰ্ষণৰ ধুমুহা যদিও , সমগ্ৰ বিশ্বত বলে,
অসমতহে ইয়াৰ প্ৰভাব প্ৰকট হৈ পৰে ।
সমাজত আছে এচাম্ এনে পুৰুষ জাতি –
কাম ভাব জাগে হিয়াত ,
দেখিলেই নাৰী।
বয়সৰ হিচাব যিয়ে নাপাই বুজি –
কণ মানি কন্যাটিও নাযায় সাৰি।
পিতৃৰ হাততো সেয়ে ,
কোনোৱা – কাহানিবা হয়তো হ’ব পাৰে
নিজৰেই কন্যা সন্তানটিও বলি ।

মোৰ দৰে আৰু হয়তো
বহু কেই গৰাকী নাৰীৰ
ঘৰত থাকিব পাৰে কণ্ কণ্ নাতিনী !
দূৰ্বীপাকত তাহাঁতবোৰো যদি
কোনোবা কাহানি-
এনে জুনাগাৰীৰ চিকাৰ হব লগাত পৰে–
কি হব বাৰু ?
নহবনে ধ্বংস কণমানিহঁতৰ …
ভবিষ্যৎ জীৱনটোৰ ?

সেয়েহে ,
শংকাত হিয়া মন , দুৰু দুৰু কঁপে
কণমানিহঁতৰ কথা মনত ভাবি !
এইখন ভাৰততেই কেতিয়াবা__
ছাত্ৰও হৈ পৰে ,
জননী সদৃশ শিক্ষাগুৰু গৰাকীৰেই –
বলাৎকাৰী ।

উন্নাও আৰু জম্মুৰ কাঠুৱাৰতো
ঘটিগ’ল এনে এটি জঘন্য কাণ্ড ।
তাৰ জোকাৰণীয়ে ,
সমগ্ৰ দেশতে – কঁপাই যোৱাৰ সময়তে
ভাৰতৰ ৰাষ্ট্ৰপতি জনাই , ২০১৮ চনত ,
অপৰাধ আইন খনৰ
সংশোধন ঘটাই—
শিশু বলাৎকাৰীক
মৃত্যু দণ্ডেৰে দণ্ডিত কৰাৰ এক আধ্যাদেশ
কৰিলে জাৰি ।

এৰি এক স্বস্তিৰ তপত নিশ্বাস
ভাবিলোঁ মনতে– অনিশ্চয়তাৰে—
হওক তেও , এতিয়াৰ পৰাই তেন্তে
বহু কেইটি কন্যা শিশুৱে
এই জঘন্য পশুহঁতৰ হাতৰ পৰা –
যাব সাৰি………. ॥
কিন্ত্ত ?…….
কিন্ত্ত হৈয়েই ৰোৱা নাইনে ?????

সুষমা গোস্বামী , ২ – ৬ – ২০২১ ,
যোৰহাট ।