ন্যায়িক জিম্মালৈ প্ৰেৰণ মহাপ্ৰৱঞ্চক বিশাল ফুকনক 

ন্যায়িক জিম্মালৈ প্ৰেৰণ মহাপ্ৰৱঞ্চক বিশাল ফুকনক 

ৰঙিলী বাৰ্ত্তাসেৱা-  ৩ দিনৰ আৰক্ষীৰ জিম্মাৰ পাছত অনলাইন ট্রেডিঙৰ খলনায়ক বিশাল ফুকনক  ডিব্ৰুগড়ৰ আৰক্ষীয়ে জিলা ন্যায়াধীশৰ আদালতত হাজিৰ কৰে।আৰক্ষীয়ে বিশালক পুনৰ নিজৰ জিম্মাত নিবিচাৰৰ বাবে বিশাল ফুকনক আদালতৰ পৰা পোনে পোনে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।জানিব পৰা অনুসৰি বিগত ৬ দিনৰ জেৰাত চুমি বৰাৰ বিষয়ে আৰক্ষীৰ আগত এষাৰ কথাও বিশাল ফুকনে কোৱা নাই। এয়া যথেষ্ট তাৎপর্যপূণ বুলিও বিবেচিত হৈছে। কেৱল চুমিৰ নামত হোৱা ধনৰ খৰচসমূহ জেৰাত সদৰী কৰে। আৰক্ষী সূত্ৰৰ মতে বিশালে আৰক্ষীৰ জেৰাত চুমি বৰাৰ বিষয়ে আন একোৱেই নক’লে। আনকি বিশালৰ মুখৰ পৰা চুমি সম্পর্কে কোনো কথাই উলিয়াব নোৱাৰিলে আৰক্ষীয়ে। ইফালে চুমি বৰাৰ প্ৰসংগত আৰক্ষীয়ে চুমিৰ পূৰ্বৰ এগৰাকী বিশেষ বন্ধু, এগৰাকী প্রায় লগে-ভাগে থকা বান্ধবীক থানালৈ মাতি কেই বাবাৰো সোধা-পোছা কৰে। দুদিন পূৰ্বৰ পৰা বিশেষ বন্ধুজনক কেইবাবাৰো সদৰ থানালৈ যোৱা দেখা গৈছিল। ইফালে বান্ধৱীগৰাকীক মাতি অনা হৈছিল। ইয়াৰ লগতে চুমিৰে ঘনিষ্ঠ কেইবাজনো লোকক এই কালছোৱাত সোধা-পোছা কৰা বুলিও গম পোৱা গৈছে। অৱশ্যে এইক্ষেত্ৰত আৰক্ষীয়ে কোনোধৰণৰ তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে।ইফালে আৰক্ষীয়ে বিশালৰ মাকক জেৰালৈ অনা নাই, এই ব্যৱসায়ত মাতৃ জড়িত থকাৰ কোনো তথ্য আৰক্ষীয়ে লাভ কৰা নাই। আনহাতে মাতৃ বয়স্ক হোৱাৰ বাবেও আৰক্ষীয়ে হেঁচা প্রয়োগ কৰা নাই। প্রয়োজনত হয়তো সোধা- পোছা কৰাৰ সম্ভাৱনা আছে।