আমি সকলোৱে নিজৰ সংস্কৃতি ধৰি ৰখাটো আমাৰ জাতীয় কৰ্তব্য – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
বাৰ্ত্তাসেৱা- অসম বিধানসভাত অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা আৰু বিজেপি বিধায়ক ভূৱন পেগুৱে যোৱা ১০ মে’ত নতুন কেবিনেটে খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ পৰম্পৰা আৰু কৃষ্টি-সংস্কৃতি সুৰক্ষাৰ বাবে খিলঞ্জীয়া বিশ্বাস আৰু সংস্কৃতি নামৰ এটা পৃথক বিভাগ খুলিবলৈ লোৱা সিদ্ধান্ততক আদৰণি জনাই মুখ্যমন্ত্ৰীযে কয়þ যে নিজৰ কৃষ্টি-সংস্কৃতি ধৰি ৰাখিব পৰাটো জাতীয় কৰ্তব্য । মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ৰাজ্যৰ বহু ঠাইত খিলঞ্জীয়া জাতি-জনগোষ্ঠীবোৰৰ বিশ্বাস আৰু পৰম্পৰা এতিয়াও চলি আছে। এইবোৰ সংৰক্ষণ কৰিবলৈকে নতুন বিভাগটোৱে কাম কৰিব। এই বিভাগটোক বাজেটত ১০০ কোটি টকা দিয়া হ’ব। অহা পাঁচ বছৰৰ পাছত ৫০০ কোটি টকা দিবলৈ চৰকাৰে চিন্তা কৰিব। জাতি-জনগোষ্ঠীবোৰৰ পৰম্পৰাই আমাক এটা বাৰ্তা দিয়ে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে আক্ষেপেৰে প্ৰকাশ কৰে যে বহুজনগোষ্ঠীয়ে ইংৰাজী মাধ্যমৰ বিদ্যালয় হোৱাৰ বাবে নিজৰ ভাষাটোকে হেৰুৱাই পেলালে। খিলঞ্জীয়া জাতি-জনগোষ্ঠীয়ে ধৰ্মীয় ৰীতি-নীতিবোৰ মানি চলা হ’লে প্ৰকৃতিও বৰ্তমানৰ দৰে ধ্বংস নহ’লহেঁতেন। ধৰ্মীয় পৰাম্পৰাক সংস্কৃতিলৈ ৰূপান্তৰ কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে যে এই নতুন বিভাগটো পুৰাতত্ত্ব, সংগ্ৰহালয়কে ধৰি তিনিটা বিভাগৰ দ্বাৰা চলিব। ইপিনে মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পূৰ্বে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই চৰকাৰে খুলিবলৈ লোৱা এইনতুন বিভাগটোৱে খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি সুৰক্ষিত কৰাত সহায় কৰিব বুলি প্ৰকাশ কৰে। একেদৰে ভূৱন পেগুৱে কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এনে এটা বিভাগ খোলাৰ বাবে খিলঞ্জীয়া জেতি-জনগোষ্ঠীয়ে যুগে যুগে মনত ৰাখিব। by richa