সমবায় সমিতিৰ জ্যেষ্ঠ্য পৰিদৰ্শক বিষয়া গোলাঘাটৰ মুখটাৰ হুছেইনৰ পৰলোক
এম হাছিম আলী, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাট নগৰৰ কুমাৰপট্টি নিবাসী মুখটাৰ হুছেইনৰ যোৱা ২৯ আগষ্টত গুৱাহাটীৰ এখন চিকিৎসালয়ত হৃদৰোগত আক্ৰান্ত হৈ প্ৰায় ষাঠি বছৰ বয়সত মৃত্যুমুখত পৰে। ১৯৬৫ চনত গোলাঘাট চহৰৰ কুমাৰপট্টিত জন্ম গ্ৰহণ কৰা মুখটাৰ হুছেইনে গোলাঘাটতে পঢ়াশুনা কৰি বি কম ডিগ্ৰী লয়। ইয়াৰ পাছত গোলাঘাটতে সমবায় বিভাগৰ পৰিদৰ্শক হিচাপে চাকৰিত যোগদান কৰি অৱশেষত বঙাইগাঁও জিলাৰ অভয়াপুৰীত সমবায় বিভাগৰ জ্যেষ্ঠ্য পৰিদৰ্শক হিচাপে যোগদান কৰে আৰু চাকৰিকাল মাত্ৰ পাঁচ মাহ বাকী থকা অৱস্থাতে অৰ্থাৎ অহা ২০২৫ চনৰ জানুৱাৰীত অৱসৰ লোৱাৰ পূৰ্বে মৃত্যুমুখত পৰে। সকলোৰে মাজত ‘মফেল” হিচাপে পৰিচিতি লাভ কৰা এগৰাকী অতি সহজ সৰল আৰু অতি অমায়িক ধৰ্মপ্ৰাণ ব্যক্তি আছিল। কেইবছৰ মান পূৰ্বে পিতৃ ফাইজুল হুছেইনৰ মৃত্যু হয়।বৰ্তমানে মাতৃ কেচিদা বেগম(মতি)ৰ উপৰিও পত্নী আৰছিনা বেগম,এটি কণ্যা সন্তান, ককায়েক ৰাফেল আখটাৰ আৰু পৰিয়ালৰ অনেক আত্মীয়ক ইহ সংসাৰত এৰি যায়। হুছেইনৰ জানাজা অনেক গুণমুগ্ধৰ উপস্থিতিত গোলাঘাটৰ কুমাৰপট্টি কবৰস্থানত জানাজা সম্পন্ন কৰা হয়।