দৰঙত ৰাষ্ট্ৰীয় পেলু নিৰ্মুলকৰণ দিৱস উদযাপন

দৰঙত ৰাষ্ট্ৰীয় পেলু নিৰ্মুলকৰণ দিৱস উদযাপন

মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে দৰঙতো ৩০ আগষ্টত আয়োজিত হয় ৰাষ্ট্ৰীয় পেলু নিৰ্মুলকৰণ দিৱসৰ কাৰ্য্যসূচী। এই দিৱসৰ লগত সংগতি ৰাখি পুৱা মঙলদৈ টাউন হাইস্কুলত এক সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয় । এই সজাগতামূলক কাৰ্য্যসূচী আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে দৰঙৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যই। অনুষ্ঠানটো উদ্ধোধন কৰি ভাষণ প্ৰসংগত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক গৰাকীয়ে কয় যে পেলু নিৰ্মূলৰ বাবে খুওৱা এলবেন্দাজল টেবলেট একেবাৰেই নিৰাপদ। ইয়াক চোবাই খালে সুফল পোৱা যায়। পেলুৰ ফলতেই ৰক্তহীনতাৰ দৰে ৰোগত আক্ৰান্ত হয় শিশু তথা কিশোৰ- কিশোৰী সকল। সেয়ে ছমাহৰ অন্তৰে অন্তৰে পেলুৰ দৰৱ খোৱাটো অতিকেই জৰুৰী। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা মাধ্যম বিশেষজ্ঞ জাহ্নৱী শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত মহকুমা স্বাস্থ্য বিষয়াদ্বয় ক্ৰমে ডাঃ লিপিকা বৰা বৰুৱা, ডাঃ প্ৰীতিৰেখা শইকীয়া, বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্ৰী নয়না কৰ্মকাৰ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা সামূহিক সংগঠক মল্লিকা দেৱী,জিলা পৰিয়াল পৰিকল্পনা সমন্বয়ক হিমাংশু বৰুৱা, জিলা সমন্বয়ক ৰতিকা কলিতাৰ লগতে জিলা পৰ্য্যায়ৰ কেইবাগৰাকীও বিষয়া কৰ্মচাৰী, বিদ্যালয়খনৰ শিক্ষক শিক্ষয়ত্ৰী তথা শতাধিক ছাত্ৰ -ছাত্ৰী উপস্থিত থাকে ।এই অনুষ্ঠানতেই কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীক পেলু নিৰ্মূলৰ দৰৱ খুওৱা হয়।উল্লেখ্য যে এই কাৰ্য্যসূচী ৰ অধীনত ১বছৰৰ পৰা ১৯ বছৰৰ বয়সৰ শিশু আৰু কিশোৰ কিশোৰী সকলক পেলু নিৰ্মূলকৰণত দৰৱ খুওৱা হব। মূলতঃ স্কুল আৰু অংগনবাদী কেন্দ্ৰত এই দৰব খুওৱা হব।