দুই সন্তানসহ ব্ৰহ্মপুত্ৰত জাঁপ মাতৃৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ বগীবিলত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা।এগৰাকী মাতৃয়ে দুই সন্তানক লগত লৈ ব্ৰহ্মপুত্ৰত জাপ দি বাছি ল’লে চৰম পন্থা।ঘটনা অনুসৰি, মহিলাগৰাকীয়ে নিজৰ WhatsAppত ‘Sorry Battcho’ বুলি লিখি বগীবিল দলং আৰু সমীপৰ ব্ৰহ্মপুত্ৰৰ এখন ফটো ষ্টৰীত লগাই, এটি সন্তান বুকুত বান্ধি, আনটোক হাতত ধৰি জাপ দিয়ে ব্ৰহ্মপুত্ৰত। ঘটনাস্থলীত এছ ডি আৰ এফ বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।বৰ্তমানেও সন্ধান ওলোৱা নাই মাতৃ আৰু দুই সন্তানৰ। জানিব পৰা মতে নিখোজ মহিলা গৰাকী মহাৰাষ্ট্ৰৰ পূনম গিৰি ভাৰতীয় সেনা বাহিনীৰ কৰ্মৰত নাগনাথ উদগেৰৰ পত্নী আছিল। নাগনাথ উদগেৰে কৰ্মসূত্ৰে লিকাবালিত কৰ্মৰত আছিল। স্থানীয় লোকৰ মতে, দেওবাৰে সন্ধ্যাৰ কানিমুনি সময়তে মহিলাগৰাকীয়ে নিজৰ দুই সন্তানসহ ব্ৰহ্মপুত্ৰত জপিয়াই দিয়ে। এটি ৫ বছৰীয়া আৰু এটি ৭ বছৰীয়া সন্তান লৈ ব্ৰহ্মপুত্ৰত জাপ দিয়া মহিলাগৰাকীয়ে নৈৰ কাষত এৰি যোৱা সন্তান দুটিৰ আৰু তেওঁৰ তিনিযোৰ চেণ্ডেল, এটা বেগ আৰু মোবাইল উদ্ধাৰ কৰে আৰক্ষীয়ে।এপ্ৰিল মাহৰ পৰা দুই সন্তান সহ: পতি-পত্নী চিলাপথাৰস্থিত ভাৰতীয় সেনা বাহিনীৰ চাউনীত বাস কৰিছিল।