ডিব্ৰুগড়ত ৮ চেপ্টেম্বৰত সদৌ অসম এ এছ ই বি আই টি আই  এমপ্লইজ এচছিয়েচনৰ সাধাৰণ সভা

ডিব্ৰুগড়ত ৮ চেপ্টেম্বৰত সদৌ অসম এ এছ ই বি আই টি আই  এমপ্লইজ এচছিয়েচনৰ সাধাৰণ সভা
 এম হাছিম  আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-   ডিব্ৰুগড়ত অহা ইংৰাজী  ৮ চেপ্টেম্বৰ  দেওবাৰে দিনৰ ১০ বজাত ডিব্ৰুগড় জিলা উপায়ুক্ত  কাৰ্যালয়ৰ ওচৰত ৰন্ধন গেছ এজেন্সীৰ সমীপত থকা “ডিব্ৰুগড় চৰকাৰী পেন্সনাৰ সন্থা ভৱন”ৰ সভাকক্ষত ‘সদৌ অসম এ এছ ই বি-আই টি এম্প’ইজ এচ’ছিয়েচনৰ এখন গুৰুত্বপূৰ্ণ সাধাৰণ সভা আহ্বান কৰা হৈছে। এই সভাতেই  অসমৰ বিভিন্ন প্ৰান্তৰৰ শক্তি বিভাগৰ তিনিওটা কোম্পানীৰ অধীনত থকা কৰ্মচাৰী  সকলৰ অন্তৰ্ভূক্তিৰে এখনি ৩০-৪০ জনীয়া শক্তিশালী কাৰ্যকৰী কমিটি গঠন কৰাৰ  লগতে  সন্থাৰ আগন্তুক  কাৰ্য্যপন্থা আৰু বহুতো গুৰুত্বপূৰ্ণ বিষয় আলোচনা  কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব । সন্থাৰ কাৰ্যকৰী  সমিতিৰ সমূহ  বিষয়ববীয়াৰ লগতে সদস্য সকল আৰু প্ৰতিখন জিলাৰ প্ৰতিনিধি সকলক  সভাত উপস্থিত থাকিবলৈ এম্প’ইজ এচ’ছিয়েচনৰ সাধাৰণ সম্পাদক সম্পাদক অনুব চুতীয়াই অনুৰোধ জনাইছেঁ  লগতে ফোন নম্বৰ ৮১৩৩০০০৭৬৫ /৭০০২৮৩৯২৪০ যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।